Road Accident : নিয়ন্ত্ৰণ হেৰুৱাই মালবাহী ট্ৰাক সোমাল মানুহৰ ঘৰত

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 10:17 PM IST

thumbnail

চামগুৰি, 18 ছেপ্টেম্বৰ : বিশ্বকৰ্মা পূজাৰ দিনা চামগুৰিত ভংয়কৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনা পতিত হয় এখন মালবাহী ট্ৰাক ৷ জানিব পৰা মতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এঘৰ লোকৰ ঘৰত সোমাই যায় ট্ৰাকখন ৷ ফলত ঘৰটোৰ কিছু অংশ ক্ষতিসাধন হয় ৷ আনহাতে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ তিনিজনকৈ লোক ৷ ঘটনা অনুসৰি নগাঁও দিশৰ পৰা জখলাবন্ধাৰ দিশে গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত মালবাহী ট্ৰাকখন ৷ দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে NL01 N 8438 ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাক চালকজন ৷ ভুক্তভোগী পৰিয়ালটোৰ মন্তব্য অনুসৰি, "আমি শুই আছিলোঁ ৷ তেনে সময়তে ট্ৰাকখনে হঠাৎ সোমাই আহিল ৷ "

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.