নলবাৰীৰ বামুণবড়ীত বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 8:25 AM IST

thumbnail

নলবাৰী, 28 নৱেম্বৰ : নলবাৰীৰ বামুণবড়ীত সোমবাৰে নিশা পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ ফলত তিনিজনকৈ লোক আহত হৈছে ৷ আহত তিনিজন মিন্টু নাথ(22), মানস বৰুৱা(15) আৰু অঞ্জন পাঠক(20)বুলি জানিব পৰা গৈছে ৷ ইয়াৰে মিন্টু নাথ আৰু মানস বৰুৱাৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷

আহত তিনিওজনৰে ঘৰ দৌলাশালত বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাইখনৰ নম্বৰ হৈছে  AS 01 EJ 6114 আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ AS 01 FA 9881 ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি, ৰাস চাই এখন বাইকত তিনিজনকৈ যুৱক ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে বামুণবড়ী চকত এখন চাৰিচকীয়া বাহনত খুন্দা মাৰে বাইক আৰোহীয়ে ৷ আহত তিনিজনৰ ভিতৰত দুজনে মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : নলবাৰীৰ বৰতলাত বাইকৰ মুখামুখি সংঘৰ্ষত আহত তিনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.