নলবাৰীৰ বৰতলাত বাইকৰ মুখামুখি সংঘৰ্ষত আহত তিনি

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 5:01 PM IST

thumbnail

নলবাৰী, ১৯ নৱেম্বৰ: নলবাৰী জিলাৰ ৪ নং বৰতলাত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । AS 14Q 9515 আৰু AS 25 E 7633 নম্বৰৰ দুখন দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাটোত দুয়োখন দুচকীয়া বাহনৰ তিনিজনকৈ আৰোহী গুৰুতৰভাৱে আহত হয় ।  

এই দুৰ্ঘটনাত আহত তিনিজন ক্ৰমে হিৰণ্য দাস (২৬), আনাৰ আলী(২৬) আৰু আব্দুচ চালাম(২৮)। পিচত আহত তিনিওজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় স্থানীয় লোকে । ইয়াৰে দুজনৰ আঘাত গুৰুতৰ হোৱাত মুকালমুৱা মহকুমা চিকিৎসালয় কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে । স্থানীয় ৰাইজে উল্লেখ কৰা মতে, দুয়োখন বাইক তীব্ৰ গতিত চলাইছিল ।

লগতে পঢ়ক:হিমাচল বিধানসভা সচিবালয় পৰিদৰ্শন অসম বিধানসভাৰ সাতজনীয়া দলৰ, নেতৃত্বত তেৰছ গোৱালা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.