Public Protest in Hojai: যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি হোজাই থানাত উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 1:51 PM IST

thumbnail

হোজাই, 7 ছেপ্টেম্বৰ : এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে নিশা হোজাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনা অনুসৰি 20 আগষ্টত শিৱবাৰী অঞ্চলৰ হীৰক ৰয় নামৰ যুৱকজনক একাংশ লোকে প্ৰহাৰ কৰাছিল ৷ ফলত আহত হয় হীৰক ৰয় । আহত হীৰক ৰয়ক গুৱাহাটীত চিকিৎসা কৰি আছিল যদিও 19 দিনৰ অন্তত চিকিৎসালয়তে যুৱজনৰ মৃত্যু হয় ৷  

চিকিৎসালয়তে মৃত্যু হোৱা যুৱকজনৰ ন্যায় বিচাৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ তুলি মৃতকৰ ঘৰৰ সম্মুখত ৰাইজে সৃষ্টি কৰে উত্তেজনাৰ । আনহাতে, উত্তেজিত ৰাইজে মৃতদেহ হোজাই থানাৰ চৌহদত ৰাখি দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰাইজক বুজনি দি দোষীৰ বিৰুদ্ধে ব্যৱস্থা আৰু সম্পত্তি জব্দ কৰাৰ আশ্বাস দিয়াত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:Hojai murder case: পত্নীহন্তা স্বামীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.