Operation against child marriage: অভিযুক্তৰ মুক্তিৰ দাবীত উত্তাল সোণাৰি সদৰ থানা

By

Published : Feb 3, 2023, 7:33 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

সোণাৰি,৩ ফেব্ৰুৱাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক নিৰ্দেশনাই তোলপাৰ লগাইছে ৰাজ্যত (Operation against child marriage)। বাল্যবিবাহ ৰোধ কৰাৰ বাবে আৰক্ষীক মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতে বৃহস্পতিবাৰৰ নিশাৰ পৰা বিভিন্ন জিলাত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । অভিযানত বহু লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Child Marriage in Assam)। একপ্ৰকাৰ বাল্যবিবাহ গোচৰৰ অভিযুক্তৰে ভৰি পৰিছে প্ৰতিখন থানা ।

ৰাজ্যৰ বাকী জিলাসমূহৰ লগতে চৰাইদেউ জিলাৰো বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে বহু লোকক (Child Marriage case in Charaideo)। বিয়লি ভাগলৈ বাল্যবিবাহ গোচৰৰ সৈতে জড়িত প্ৰায় ৬৫ জন লোকক আৰক্ষীয়ে আটক কৰিছে । আৰক্ষী সূত্ৰই জনোৱা মতে জিলাখনৰ সোণাৰি সদৰ থানা ,কাকতিবাৰী, বৰহাট, চৰাইপুং আৰু মৰাণহাটৰ পৰা বাল্যবিবাহ গোচৰৰ অভিযুক্তসকলক আটক কৰা হৈছে ।

জানিব পৰা চৰাইদেউ জিলাখনত ৭৮ জনৰ বিৰুদ্ধে বাল্যবিবাহৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে (Child Marriage case registered in Charaideo)। ইফালে অভিযুক্তসকলক সোণাৰি সদৰ থানালৈ অনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ।

মহিলাসকলে ভিৰ কৰিছে সোণাৰি সদৰ থানা । ইফালে কান্দোনত ভাগি পৰিছে মহিলাসকল । কোনোৱে যদি স্বামীৰ বাবে কান্দিছে, কোনোৱে আকৌ পুত্ৰক আটক কৰাত কান্দোনত ভাগি পৰিছে । কোলাত কেঁচুৱা লৈ পুত্ৰ তথা স্বামীক এৰি দিবলৈ আৰক্ষীক কাতৰ অনুৰোধ জনাইছে মহিলাসকলে । আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাও দেখা গৈছে একাংশ মহিলাক ।

ইফালে আৰক্ষীৰ সৈতে একাংশ মহিলাৰ বাক বিতণ্ডা হোৱাও দেখা গৈছে । বিনা চৰ্তে আটকাধীন লোকসকলক এৰি দিবলৈ দাবী জনাইছে মহিলাসকলে । মুঠতে এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে সোণাৰি সদৰ থানাত । ইফালে সোণাৰি আৰক্ষীয়ে আটকাধীন লোকসকলৰ কোনো ধৰণৰ তথ্য এতিয়ালৈ ৰাজহুৱা কৰা নাই । উল্লেখ্য যে চৰাইদেউ জিলাৰ পৰা এতিয়ালৈ ৬৫ জনক আটক কৰা হৈছে যদিও আন অভিযুক্তসকলৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :Operation against child marriage : গৰ্ভৱতী পত্নীক ঘৰত অকলে এৰি জে'ললৈ যাবলগীয়া হোৱা যুৱকৰ ক্ষোভ

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.