Operation against child marriage : গৰ্ভৱতী পত্নীক ঘৰত অকলে এৰি জে'ললৈ যাবলগীয়া হোৱা যুৱকৰ ক্ষোভ

By

Published : Feb 3, 2023, 4:55 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

মৰাণ,৩ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে (Operation against child marriage case)। প্ৰতিখন জিলাতে বাল্যবিবাহ সম্পৰ্কীয় গোচৰ ৰুজু হৈছে । বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ডিব্ৰুগড় জিলাৰো বিভিন্ন থানাত বাল্যবিবাহ সম্পৰ্কীয় গোচৰ ৰুজু হৈছে ।

জানিব পৰা মতে মৰাণৰ তিনিখনকৈ থানাত ইতিমধ্যে বাল্যবিবাহ সম্পৰ্কীয় গোচৰত ১৩ জনকৈ লোকক আৰক্ষীয়ে আটক কৰিছে (13 detained in Moran on child marriage case)। ইয়াৰে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত বামুনবাৰী আৰক্ষী চকীত ৩ জন, খোৱাং আৰক্ষী থানাত ১ জন আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণহাট আৰক্ষী থানাত ৯ জনক আটক কৰা হৈছে । আটক হোৱা আটাইকেইজনেই কম বয়সীয়া ছোৱালীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে জানিবলৈ দিয়া বহু বাল্যবিবাহৰ তথ্য আৰক্ষীৰ হাতত আছে । শীঘ্ৰে আৰু বহু লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলিও আৰক্ষীয়ে দাবী কৰিছে । ইফালে খোৱাং আৰক্ষী থানাত গ্ৰেপ্তাৰ হোৱা এগৰাকী যুৱকক স্বাস্থ্য পৰীক্ষা কৰি আৰক্ষীয়ে জে'ললৈ প্ৰেৰণ কৰাৰ যো-জা চলাইছে । কিন্তু জে'ললৈ যোৱাৰ পূৰ্বে যুৱকজনে সংবাদমাধ্যমৰ আগত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে (Youth arrested in child marriage case reacts)।

যুৱকজনে সাংবাদিকক জনোৱা মতে তেওঁ পত্নী গৰ্ভৱতী । যদি তেওঁ জে'ললৈ যাবলগীয়া হয় তেতিয়া তেওঁৰ পত্নীৰ দায়িত্ব মুখ্যমন্ত্ৰীক ল'বলৈ দাবী জনালে যুৱকজনে । কিয়নো তেওঁৰ ঘৰত পত্নীৰ বাহিৰে আৰু কোনো নাই । এনে পৰিস্থিতিত উপাৰ্জনৰো একমাত্ৰ ভৰসা স্বামী জে'ললৈ যাবলগীয়া হ'লে পত্নীৰ কি হ'ব বুলিও তেওঁ আশংকা ব্যক্ত কৰে ।

উল্লেখ্য যে বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন জিলাতে আৰক্ষীৰ অভিযান অব্যাহত আছে । বৃহস্পতিবাৰে নিশাৰ পৰা চলোৱা অভিযানত বাল্যবিবাহৰ লগত জড়িত কেইবাজনো অভিযুক্তক আটক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া বিষয়টো বহুতে আদৰণি জনালেও একাংশই সমালোচনা কৰাও দেখা গৈছে ।

বহুতে প্ৰশ্ন কৰিছে আটকাধীনসকলৰ বহুতে বহু বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল । বহুতৰে ঘৰত সন্তান আছে । তেনে পৰিস্থিতিত বিবাহিত পুৰুষসকলক আটক কৰাৰ পাছত পৰিয়ালসমূহৰ মাজত হাহাকাৰ পৰিৱেশৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক :Operation against child marriage: শোণিতপুৰত বাল্য বিবাহৰ গোচৰত অভিযুক্ত ১৭ গৰাকী স্বামীক আটক

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.