দুমাহে অনুপস্থিত প্ৰধান শিক্ষক, ঘেৰাও কৰিলে বিদ্যালয়

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 2:16 PM IST

thumbnail

কাছাৰ,১২ জানুৱাৰী: ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় অৱস্থাই প্ৰায়েই লাভ কৰে চৰ্চা । কাছাৰৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে সকলোকে । যোৱা দুমাহ ধৰি ৰহস্যজনকভাৱে অনুপস্থিত বাশকান্দি মজলীয়া বিদ্য়ালয়ৰ প্ৰধান শিক্ষক বদৰুদ্দিন মজুমদাৰ । যাক লৈ ক্ষোভিত হৈ পৰিছে অভিভাৱক তথা স্থানীয় লোকসকল । শুকুৰবাৰে স্থানীয় ৰাইজে ঘেৰাও কৰে বিদ্য়ালয়খন ।  

উল্লেখ্য যে, প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে যোৱা দুমাহ পূৰ্বে বিদ্যালয়খনৰ এগৰাকী কনমানি ছাত্ৰীৰ শ্লীলতাহানিৰ অভিযোগো উত্থাপিত হৈছিল । এই ঘটনাৰ পিছৰে পৰা বিদ্যালয়ত অনুপস্থিত প্ৰধান শিক্ষক বদৰুদ্দিন । প্ৰধান শিক্ষকগৰাকী বিদ্যালয়ত উপস্থিত নথকাৰ বাবে বৰ্তমান বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ নষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে । উপযুক্ত পাঠদানৰ পৰা বঞ্চিত হৈ আছে অঞ্চলটোৰ কেইবা শ শিক্ষাৰ্থী । ক্ষোভিত অভিভাৱকসকলে বিদ্যালয় ঘেৰাও কৰি দুদিনৰ সময়সীমা বান্ধি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ঘূৰাই দিয়াৰ আহ্বান জনাই শিক্ষা বিভাগক । 

লগতে পঢ়ক:  গুণগত মান বৃদ্ধি পাইছে শিক্ষাৰ: ইউ জি ব্ৰহ্ম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.