Crime in Lakhimpur: ন-বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল নাৰায়ণপুৰ

By

Published : Jul 18, 2023, 1:29 PM IST

thumbnail

বিহপুৰীয়া, ১৮ জুলাই : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ দোৰপাঙত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ । অঞ্চলটোৰ এগৰাকী মহিলাক হত্যাৰ ঘটনাক কেন্দ্ৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সকলে। পম্পী মুদৈ গুৰুং নামৰ মহিলাগৰাকীক হত্যা কৰি স্বামী কৃষ্ণ গুৰুঙে গছত ওলোমাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ।

সীমান্তৱৰ্তী অঞ্চলটোৰ শ শ মহিলা মঙলবাৰে ৰাজপথলৈ ওলাই আহি পথ অৱৰোধ কৰাৰ লগতে ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰে ৷ 

পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী মহিলাসকলে ,অভিযুক্ত কৃষ্ণ গুৰুঙৰ বাসগৃহ ঘেৰাও কৰাৰ লগতে পৰিয়ালৰ লোকক জবাবদিহি কৰে । প্ৰতিবাদী মহিলাসকলে জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক এই ঘটনাটোৰ তদন্ত কৰিবলৈও আহ্বান জনাইছে । 

উল্লেখ্য যে সীমান্তৱৰ্তী দোৰপাং অঞ্চলৰ কৃষ্ণ গুৰুং নামৰ লোকজনে ঢকুৱাখনাৰ কৃষ্ণপুৰ অঞ্চলৰ পম্পী মুদৈ নামৰ যুৱতী গৰাকীৰ সৈতে যোৱা এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল । বিবাহৰ তিনিমাহ সম্পূৰ্ণ নৌহওঁতেই যোৱা ৮ জুলাইৰ নিশা নিৰুদ্দেশ হোৱাৰ পিচতে ৯ জুলাইৰ বিয়লি দোৰপাং নদীৰ পাৰৰ ঘন জংঘলৰ মাজৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ । এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ইতিমধ্যে অভিযুক্ত স্বামী কৃষ্ণ গুৰুঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Central Jail guards suspended : কয়দীক ড্ৰাগছ যোগানৰ অপৰাধত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুই প্ৰহৰীক নিলম্বন

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.