Allegation against Teacher: ছাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ নসাৎ শিক্ষক তুলসী মানস ৰাভাৰ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 8:52 AM IST

thumbnail

বাক্সা, ২৫ ছেপ্টেম্বৰ : বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কিছুদিন আগত সংঘটিত হোৱা অবাঞ্চিত ঘটনাক লৈ বৰমাত তুলসী মানস ৰাভাৰ সংবাদমেল । যোৱা ১৫ ছেপ্টেম্বৰত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তিনিগৰাকী ছাত্ৰীক বিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক তুলসী মানস ৰাভাই শাৰীৰিভাৱে প্ৰহাৰৰ অভিযোগ উত্থাপিত হৈছিল । তাৰ পাচতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বৰমা আৰক্ষী চকী ঘেৰাও কৰিছিল ।

তাৰ পিচতেই বিদ্যালয়খনত সৃষ্টি হৈছিল এক অনাকাংক্ষিত পৰিৱেশৰ । দেওবাৰে বৰমা প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে তেওঁৰ ওপৰত থকা সকলো অভিযোগ মিছা বুলি উল্লেখ কৰে তুলসী মানস ৰাভাই । তেওঁৰ ওপৰত উঠা ছাত্ৰীক শাৰীৰিকভাৱে প্ৰহাৰৰ অভিযোগৰ বাতৰি সন্দৰ্ভত তেওঁ বিষদভাৱে মন্তব্য আগবঢ়ায় ।

সংবাদমেলত ৰাভা জাতীয় পৰিষদৰ সভাপতি ইম্ব্ৰেশ্বৰ ৰাভাই শিক্ষক তুলসী মানস ৰাভাৰ ওপৰত উঠা অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰে ।

লগতে পঢ়ক : Drugs seized at Barpathar: তিনিচুকীয়া অভিমুখী নৈশ বাছৰ পৰা জব্দ লাখ টকাৰ হেৰʼইন, আটক মহিলা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.