Teacher accused of molestation: ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত মহানগৰীত গ্ৰেপ্তাৰ শিক্ষক

By

Published : Jul 26, 2023, 6:57 PM IST

thumbnail

গুৱাহাটী, 26 জুলাই : মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ পুনৰ এগৰাকী শিক্ষকে শিক্ষকতাৰ পবিত্ৰ বৃত্তিটোত কালিমা সনাৰ অভিযোগ ৷ নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন শিক্ষক ৷ যৌন নিৰ্যাতনৰ অভিযোগত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক প্ৰদীপ ঘোষ ওৰফে ৰাহুলক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ দীৰ্ঘদিনৰ পৰা এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷

বিৰুবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত শিক্ষক প্ৰদীপ ঘোষক ৷ অভিযোগ অনুসৰি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী গৰাকীক টিউচন কৰিবলৈ অহাৰ চলেৰে শিক্ষক প্ৰদীপ ঘোষ ওৰফে ৰাহুলে দীৰ্ঘদিন ধৰি যৌন উৎপীড়ন চলাই আহিছিল ৷ এই কথা ছাত্ৰী গৰাকীয়ে যোৱা 18 জুলাইত মাতৃৰ আগত প্ৰকাশ কৰিছিল ৷  

ছাত্ৰী গৰাকীয়ে কিদৰে প্ৰদীপ ঘোষে টিউচন কৰিবলৈ আহি দেহৰ গোপন অংগত হাত দিছিলে ভিডিঅ’ কৰি মাতৃক দেখায় ৷ ইয়াৰ পিছতে ছাত্ৰী গৰাকীৰ পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তি আৰক্ষীয়ে অভিযুক্ত প্ৰদীপ ঘোষক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক : Minor Girl Dies in Guwahati: মহানগৰীত তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি ৰহস্যজনক মৃত্যু কিশোৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.