Minor Girl Dies in Guwahati: মহানগৰীত তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি ৰহস্যজনক মৃত্যু কিশোৰীৰ

By

Published : Jul 26, 2023, 6:09 PM IST

thumbnail

গুৱাহাটী, 26 জুলাই : মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷ পুৱতি নিশা তিনিমহলীয়া অট্টালিকাৰ ওপৰৰ পৰা পৰি ৰহস্যজনক মৃত্যু কিশোৰীৰ ৷ মহানগৰীৰ কালাপাহাৰৰ ভাস্কৰ নগৰত সংঘটিত হৈছে এই ৰহস্য জনক ঘটনা ৷  

মেধাৱী ছাত্ৰী গৰাকীয়ে আত্মহত্যা কৰিছে নে হত্যা কৰা হৈছে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তত আত্মহত্যা বুলি সন্দেহ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব ৷ শিশু নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল নিহত কিশোৰীগৰাকী ৷ মানসিক চাপৰ বাবে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লবলগীয়া হ’ল নেকি ছাত্ৰীগৰাকীয়ে তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে ৷  

পৰিয়ালৰ লোকে কিশোৰীগৰাকী মানসিক চাপত আছিলে নেকি সেই বিষয়ে অৱগত নাছিল ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Morigaon Mob lynching case update: আঁহতগুৰিৰ গণ প্ৰহাৰৰ ঘটনা; পাঁচজন লোকক আটক আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.