সমষ্টিত আঁচনি ৰূপায়নৰ খতিয়ান ল’লে মন্ত্ৰী বিমল বড়াই - Bimal Borah in Dibrugarh - BIMAL BORAH IN DIBRUGARH
🎬 Watch Now: Feature Video

Published : June 18, 2024 at 7:28 PM IST
মৰাণ, 18 জুন: লোকসভা নিৰ্বাচন শেষ হোৱাৰ পাচতে ৰাজ্যৰ উন্নয়নৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । লোকসভা নিৰ্বাচনৰ পাচত কেইটামান দিনৰ পূৰ্বে দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়লৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ডিব্ৰুগড়ৰ বিধায়ক-মন্ত্ৰীসকলৰ সৈতে আলোচনাতো মিলিত হৈছিল মুখ্যমন্ত্ৰী । নিৰ্বাচনী অধিসূচনা আঁতৰাৰ পাচতে ৰাজ্য চৰকাৰৰ কাম-কাজ অধিক গতিশীল কৰিবলৈ তৎপৰ হৈছে মন্ত্ৰী-বিধায়কসকল ।
মঙলবাৰে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত, বিভাগীয় বিষয়াক লগত লৈ পৰ্যালোচনা সভাত বহিল মন্ত্ৰী বিমল বড়া । টিংখাং সমষ্টিৰ দুয়োটা উন্নয়ন খণ্ড ক্ৰমে টিংখাং আৰু খোৱাঙত চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান ল'লে মন্ত্ৰীগৰাকীয়ে ।
টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং উন্নয়ন খণ্ডৰ সভাগৃহত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা সভাত জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাসৰ লগতে চৰকাৰৰ প্ৰায়সমূহ বিভাগৰ জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।
উল্লেখ্য যে হৈ যোৱা লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে জয়লাভ কৰিছিল যদিও ডিব্ৰুগড় জিলাখনৰ টিংখাং, খোৱাং আৰু নাহৰকটীয়া সমষ্টিত বিৰোধীৰ ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে যথেষ্ট ভোট লাভ কৰিবলৈ সক্ষম হৈছিল । খোদ মন্ত্ৰী বিমল বড়াৰ নিজা সমষ্টি টিংখাঙত কেৱল 17651 টা ভোটতহে বিজেপি প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল । ফলাফল ওলোৱাৰ পাচতে যেন সমষ্টিত সক্ৰিয় হৈছে মন্ত্ৰী বিমল বড়া ।
লগতে পঢ়ক: ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় নিৰ্মাণৰ বাবে তৎপৰ হিমন্ত বিশ্ব শৰ্মা - CM Secretariat in Dibrugarh