Asom Divas 2022 : চ্যুকাফা দিৱসৰ লগত সংগতি ৰাখি দেহশ্ৰী প্ৰতিযোগিতা

By

Published : Dec 2, 2022, 1:39 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে কেন্দ্ৰীয় চ্যুকাফা দিৱস (TAYPA observed Sukapha Divas)। তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই দিৱস । অৱশ্যে বুধবাৰৰ পৰাই আৰম্ভ হৈছে জনগোষ্ঠীয় খাদ্য আৰু বাণিজ্য মেলা । কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া অনুষ্ঠিত হয় দেহশ্ৰী প্ৰতিযোগিতা (Bodybuilding competition in Moran)। ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ, এই ৩খন জিলা সামৰি ভীমকান্ত বৰগোঁহাই আৰু মৌচুম গগৈৰ সোঁৱৰণত এই দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । এই প্ৰতিযোগিতাত মিষ্টাৰ মৰাণ খিতাপ লাভ কৰিবলৈ সক্ষম হয় প্ৰদ্যুষ ৰয়ে । ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত মিষ্টাৰ মৰাণ খিতাপ লাভ কৰি প্ৰদ্যুষ ৰয়ে কয় যে নতুন প্ৰজন্মই নিচাযুক্ত দ্ৰব্য সেৱন কৰাতকৈ শৰীৰ চৰ্চা কৰক । এখন সুন্দৰ সমাজ গঢ়ি উঠিব আৰু নিজৰ জীৱনটো সুন্দৰ হ'ব ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.