Clean and Green group : মঙলদৈত ক্লিন এণ্ড গ্ৰীণৰ স্বচ্ছতা অভিযান

By

Published : Mar 30, 2023, 1:35 PM IST

thumbnail

মঙলদৈ, 30 মাৰ্চ : স্বচ্ছতাৰ দিশে আৰু এখোজ; মঙলদৈত ক্লিন এণ্ড গ্ৰীণ নামৰ এটি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা (Clean and Green group)। স্বচ্ছ অভিযানৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে পুৱাই হাতত ঝাড়ুলৈ ওলাই আহিল প্ৰায় 200 গৰাকী মহিলা । মঙলদৈ উপহুপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ক্লীন এণ্ড গ্ৰীণ গ্ৰুপে বৃহস্পতিবাৰে দৰং জিলা পৰিষদৰ গোটেই চৌহদত চলাই এক চাফাই অভিযান (Swachh Abhiyan held at Mangaldoi) ৷

কেৱল মঙলদৈতে নহয়, বিগত সময়চোৱাতো ক্লিন এণ্ড গ্ৰীণ নামৰ এই বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰি এক সেউজ বিপ্লৱৰ সৃষ্টি কৰি আহিছে । অনাগত সময়ত দৰঙৰ বিভিন্ন ৰাজহুৱা স্থানত স্বচ্ছতা বজাই ৰাখিবলৈ এই বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে চাফাই অভিযান চলাই যাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ক্লিণ এণ্ড গ্ৰীণ নামৰ গ্ৰুপটোৰ সদস্যই ।

উল্লেখ্য যে, বৃহস্পতিবাৰে এই স্বচ্ছ অভিযান কাৰ্যসূচীত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, গাঁও পঞ্চায়তৰ সচিব খগেন কলিতা, শশীমা দাস, সক্ৰিয় সদস্য শশাংক ডেকা, সমাজ সেৱক জয়ধৰ ভড়ালীও উপস্থিত থাকে ।

লগতে পঢ়ক : Nimati Afolamukh ferry service: বন্ধ হ’ল নিমাতি অফলামুখ ফেৰী সেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.