Murder at Bilasipara : বিলাসীপাৰাৰ শালকোচাত চাঞ্চল্যকৰ হত্যাকাণ্ড, দুজনক আটক

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:54 PM IST

thumbnail

পশ্চিম বিলাসীপাৰা, 28 ছেপ্টেম্বৰ : বিলাসীপাৰাৰ শালকোচাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ যৌতুকৰ বাবে পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আজগৰ আলী নামৰ ব্যক্তিজনৰ বিৰুদ্ধে ৷ বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত চৰুৱাবাখৰা গাঁৱত এই ঘটনা সংঘটিত হৈছে । যৌতুকৰ বাবে এই হত্যাকাণ্ড হোৱাৰ সন্দেহ কৰিছে স্থানীয়লোকে ৷ 

আনহাতে ইছমিতাৰা বেগমৰ পৰিয়ালৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰাই যৌতুক বিচাৰি স্বামীৰ পৰিয়ালে ইছমিতাক নিৰ্যাতন চলাই আহিছে ৷ সেয়ে বুধবাৰে নিশা স্বামীৰ পৰিয়ালে পৰিকল্পিত বাবে ইছমিতাৰা বেগমক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিলে ৷ 

ইতিমধ্যে উক্ত ঘটনাৰ সন্দৰ্ভত ইছমিতাৰা বেগমৰ পৰিয়ালে শালকোচা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । উক্ত এজাহাৰ ভিত্তিত শালকোচা আৰক্ষীয়ে আজগৰ আলী আৰু আজিৰণ বিবিক আটক কৰে ৷  সমগ্ৰ ঘটনা সন্দৰ্ভত শালকোচা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Bilasipara Moral Policing: বিলাসীপাৰাৰ গণ প্ৰহাৰ ঘটনাৰ লগত জড়িত দুই মূল অভিযুক্তসহ 7 জনক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.