Bhupen Hazarika 97th birthday: ‘‘মানুহে মানুহৰ বাবে...’’ সুধাকণ্ঠৰ ওপজা দিনত সমাধিত শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 1:01 PM IST

thumbnail

গুৱাহাটী, 8 ছেপ্টেম্বৰ : জালুকবাৰীৰ সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ ওপজা দিনত তেওঁক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ৷ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ওপজা দিনটোত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁৰ শেষ ঠিকনা সমাধিক্ষেত্ৰত বিভিন্ন গুণমুগ্ধৰ সমাগম পৰিলক্ষিত হৈছে ।

সমাধিক্ষেত্ৰত তেওঁৰ জন্মদিন উপলক্ষে চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷ বিভিন্ন ঠাইৰ পৰা আহি কণ-কণ ল’ৰা-ছোৱালীয়ে এই চিত্ৰাংকণ প্ৰতিযোগিতাত ভাগ লৈছে ৷ কিন্তু লক্ষণীয়ভাৱে এইবছৰ অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিনটোত চৰকাৰে নল’লে কোনো বিশেষ পদক্ষেপ ৷ ভাৰত ৰত্নৰ প্ৰতি যেন চৰকাৰে এলাগী মনোভাৱ গ্ৰহণ কৰিছে তেনে অনুভৱ হৈছে । অসম চৰকাৰৰ পৰা তেনেই সাধাৰণভাৱে অনুষ্টুপীয়াকৈ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা দেখা গৈছে ।

লগতে পঢ়ক : Tribute to Bhupen Hazarika: সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত গণচেতনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.