DU ragging controversy: ৰেগিংকাণ্ডক লৈ মুখ খুলিছে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আৱাসীসকলে

By

Published : Dec 1, 2022, 4:33 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ লগত তৃতীয় শক্তি জড়িত হৈ আছে(Dibrugarh university Ragging incident) । বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আবাসীসকলে বৃহস্পতিবাৰে পোনপ্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে এই কথা । তৃতীয় শক্তিয়ে পৰিচালনা কৰিছে বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ড(Dibrugarh University ragging controversy) । পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ গৰিমা ম্লান কৰিবৰ বাবেহে এই শক্তিয়ে কাম কৰি আছে বুলি সংবাদ মাধ্যমৰ আগত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে । আঢ়ৈ মাহ হৈছেহে PNGB ছাত্ৰ নিৱাসত নৱাগত আবাসীসকল থকা, তেনেক্ষেত্ৰত ৪ মাহৰ পৰা কেনেদৰে ৰেগিংকাণ্ডৰ বলি হৈছে আনন্দ শৰ্মা(Padmanath Gohain Baruah Hostel of Dibrugarh University) । বিশ্ববিদ্যালয় প্ৰশাসনৰ ৰায় পক্ষপাতমূলক হোৱাৰ অভিযোগ । ঘটনা সংঘটিত হোৱাৰ নিশা ১ বজালৈকে আনন্দ শৰ্মাই অন্য আৱাসীসকলৰ সৈতে ফুটবল খেল উপভোগ কৰি আছিল । কিন্তু কেনেদৰে সেইদিনা ৰেগিঙৰ বলী হ'ল সেয়া আশ্চৰ্যজনক বুলি প্ৰকাশ কৰিছে PNGB ছাত্ৰ নিৱাসৰ আৱাসীসকলে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.