Students Protest at Manikpur : প্ৰিয় শিক্ষকক বদলি কৰাৰ বাবেই বিদ্যালয়লৈ নোযোৱা হ’ল ছাত্ৰ-ছাত্ৰী

By

Published : Jan 4, 2023, 10:20 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

বিদ্যালয়লৈ নোযোৱা হ’ল এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ অভিভাৱকেও মনাব পৰা নাই ছাত্ৰ-ছাত্ৰীসকলক ৷ পাঠগ্ৰহণৰ পৰিৱৰ্তে বিদ্যালয়ৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিলে ছাত্ৰ-ছাত্ৰীসকলে ৷ বিদ্যালয়খনৰ এজন শিক্ষকক অন্য বিদ্যালয়লৈ বদলি কৰাৰ খবৰ লাভ কৰাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল (Students Protest at Manikpur)৷ ঘটনাটো বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৷ মাণিকপুৰৰ শালমাৰা প্ৰাথমিক বিদ্যালয়ৰ(Salmara LP School Manikpur) শিক্ষক ফিৰোজ খানক অন্য বিদ্যালয়লৈ বদলি কৰাৰ পৰিণতিত পাঠগ্ৰহণ নকৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰীসকল (Demands stay order of teachers transfer at manikpur)৷ ‘‘ফিৰোজ খান ছাৰক বদলি কৰা নচলিব’’, ‘‘যধে-মধে বদলি কৰা নচলিব’’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে ছাত্ৰ-ছাত্ৰীসকলে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.