Student fall in river at Kaliabor: নিজকে বচাবলৈ গৈ নদীত পৰিল দশম শ্ৰেণীৰ ছাত্ৰী

By

Published : Dec 21, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

গাড়ীৰ খুন্দাৰ পৰা বাচিবলৈ চেষ্টা কৰি জৰাজীৰ্ণ দলঙৰ তলত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী (Student fall in river at Kaliabor) ৷ বুধবাৰে কলিয়াবৰত সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা ৷ টিউচনৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে ছাত্ৰীগৰাকী উক্ত দুৰ্ঘটনাৰ সন্মুখীন হয় ৷ সম্প্ৰতি কলিয়াবৰ মহকুমা চিকিৎসালয়ত(Kaliabor Sub Divisional Civil Hospital)ত চিকিৎসাধীন ছাত্ৰীগৰাকীৰ নাম সাক্ষী পাণ্ডে ৷ বিপৰীত দিশৰ পৰা দুখন বাহন পাৰ হৈ যোৱাৰ সময়তে ছাত্ৰীগৰাকীয়ে নিজকে বচাবলৈ চেষ্টা কৰোতে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি দলঙৰ পৰা তললৈ পৰা যায় ৷ চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ লেহেমীয়া গতিৰ বাবেই মিছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ(NH37 at Kaliabor) মৰণফাণ্ডলৈ পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.