Crime in Jorhat:পানী যোগান আঁচনিৰ চৌহদতেই চুৰি পাইপ

By

Published : Jun 28, 2023, 5:01 PM IST

thumbnail

টীয়ক, ২৮ জুন: জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টীয়ক টাউনস্থিত পানী যোগান আঁচনিৰ চৌহদত বুধবাৰে টীয়ক আৰক্ষীৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে বৃহৎ পৰিমানৰ চুৰি পাইপ উদ্ধাৰ কৰে ।  শিৱসাগৰৰ শ্ৰী মাঞ্চা ইণ্ডাষ্টিৰ প্ৰায় দহ লাখ  টকাৰ পাইপ তেওঁলোকৰ নিৰ্দিষ্ট স্থানৰ পৰা হেৰাইছিল । পৰবৰ্তী সময়ত শ্ৰী মাঞ্চা ইণ্ডাষ্টিৰ মালিকপক্ষই টীয়কত উক্ত পাইপখিনি থকা বুলি জানিব পাৰি শিৱসাগৰ আৰক্ষীৰ ওচৰ চাপে ।

ইফালে, আজি টীয়ক আৰক্ষীৰ সহযোগত শিৱসাগৰ আৰক্ষীৰ এটা দলে টীয়কৰ উক্ত পানী যোগান আঁচনিত উপস্থিত হয় । এই ঘটনাক লৈ ইতিমধ্য়ে ৰহস্য়ৰ সৃষ্টি হৈছে । পানী যোগান আঁচনিখনৰ চকীদাৰজনৰ ভাষ্য মতে, শিৱসাগৰৰ জনৈক গগৈ উপাধিৰ এজন ঠিকাদাৰে এমাহৰ পূৰ্বে এই পাইপখিনি পানী যোগান আঁচনিখনৰ চৌহদত পেলাই থৈ গৈছিল । শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে পাইপখিনি জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপিৰ সৈতে মিত্রদল অগপৰ বিদ্ৰোহৰ উকমুকনি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.