এছএছবি তেজপুৰ ফ্ৰণ্টিয়াৰৰ অন্তৰ্গত বেডমিণ্টন টুৰ্ণামেণ্ট আৰম্ভ

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:55 PM IST

thumbnail

তেজপুৰ, ২০ নৱেম্বৰ : সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ অধীনত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ বেডমিণ্টন টুৰ্ণামেণ্ট আৰম্ভ হৈছে । তেজপুৰ পল' ফিল্ডৰ বিজিত শইকীয়া ইণ্ডোৰ ষ্টেডিয়ামত এই প্ৰতিযোগিতা আৰম্ভ হৈছে । তেজপুৰ ফ্ৰণ্টিয়াৰৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ, ভাৰত-ভূটান সীমান্তত থকা সশস্ত্ৰ সীমা বলৰ বিভিন্ন কোম্পানীৰ লগতে সকলো বিষয়াই এই বেডমিণ্টন টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব ।

সোমবাৰে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ শম্ভূ নাথ সিঙে এই তিনিদিনীয়া টুৰ্ণামেণ্টখন মুকলি কৰে । মুঠ ১০৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই টুৰ্ণামেণ্টৰ পৰা নিৰ্বাচিত খেলুৱৈয়ে নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব ।

আনহাতে, এছএছবি তেজপুৰ ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক বিনোদ নায়কে কয় যে বৰ্তমান খেলো ইণ্ডিয়াৰ জৰিয়তে সুৰক্ষা বাহিনীৰ লোকসকলে নিজে ভালপোৱা খেলৰ জৰিয়তে প্ৰতিভা বিকাশৰ এক সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে তেজপুৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ শৈলেন দেউৰী আৰু তেজপুৰ মহাবিদ্যালয়ৰ জ্যোতি কমল হাজৰিকা উপস্থিত থাকে ।

লগতে পঢ়ক :দহ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধিক আদৰিবলৈ সাজু আছুৰ মৰিগাঁও অধিৱেশনৰ আদৰণি সমিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.