Gorukhuti Agricultural Project: গৰুখুটি প্ৰকল্পক লৈ অপপ্ৰচাৰ চলোৱা বুলি মন্তব্য অধ্যক্ষ পদ্ম হাজৰিকাৰ

By

Published : May 11, 2023, 11:06 PM IST

thumbnail

দৰং, 11 মে’: গৰুখুটি বহুমুখী কৃষি প্ৰকল্পক লৈ এচামে অপপ্ৰচাৰ চলাই আছে ৷ কৃষি প্ৰকল্পৰ বৰ্ষপূৰ্তিৰ দিনটোত দিয়া হ’ব সকলো হিচাব-নিকাচ ৷ এই মন্তব্য কৃষি প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ (MLA Padma Hazarika) ৷ উল্লেখ্য যে বৃহস্পতিবাৰে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ সূঁতিত স্থায়ী পকী দলঙৰ আধাৰশিলা স্থাপন কৰা হয় ৷ বহুমুখী কৃষি প্ৰকল্পৰ মাজেৰে বৈ যোৱা সুঁতিৰ ফলত যাতায়তৰ ক্ষেত্ৰত হোৱা অসুবিধা দূৰ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Gorukhuti Agricultural Project) ৷  

লোকনিৰ্মাণ বিভাগৰ কলাইগাওঁ-ছিপাঝাৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হ’বলগীয়া  144 মিটাৰ দৈৰ্ঘ্যৰ দলঙখনৰ আধাৰশিলা স্থাপন কৰি অধ্যক্ষ পদ্ম হাজৰিকাই কয় যে, দলংখনে বহুমুখী কৃষি প্ৰকল্পটোৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী, দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ ঙাটে আৰু লোকনিৰ্মাণ বিভাগৰ একাংশ বিষয়া ৷ 

লগতে পঢ়ক: CM on The Kerala Story: লাভ জেহাদ নিৰ্মূলৰ বাবেই সকলোৱে চোৱা উচিত দ্য কেৰালা ষ্ট’ৰী; মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.