ETV Bharat / state

CM on The Kerala Story: লাভ জেহাদ নিৰ্মূলৰ বাবেই সকলোৱে চোৱা উচিত দ্য কেৰালা ষ্ট’ৰী; মুখ্যমন্ত্ৰী ড৹ শৰ্মা

author img

By

Published : May 11, 2023, 7:43 PM IST

Assam CM  Himanta biswa Sarma reaction
কন্যা সন্তানক লগত লৈ দ্যা কেৰালা ষ্ট’ৰী চাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

এই চিনেমাখন কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰ্মাণ কৰিছে (The Kerala Story controversy)। সদ্য মুক্তিপ্ৰাপ্ত বিতৰ্কতি ছবি দ্য কেৰালা ষ্ট’ৰী চাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta biswa Sarma reaction )৷

কন্যা সন্তানক লগত লৈ দ্য কেৰালা ষ্ট’ৰী চাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 11 মে’: দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে সুদীপ্ত সেনৰ দ্বাৰা পৰিচালিত ছবি দ্য কেৰালা ষ্ট'ৰীয়ে (The Kerala Story controversy) ৷ এই চলচ্চিত্ৰখন চোৱাৰ কথা সংবাদমাধ্যমত প্ৰকাশ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM on The Kerala Story) ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট মন্ত্ৰীসকলৰ লগত লগ হৈ গুৱাহাটীৰ চিটি চেন্টাৰ মলত থকা পি ভি আৰ চিনেমা হলত উপভোগ কৰে এই ছবিখন । চলচ্চিত্ৰখন উপভোগ কৰি আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলচ্চিত্ৰখন অসমৰ ৰাইজক চাবলৈ আহ্বান জনায় (Assam CM Himanta biswa Sarma reaction )।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘এইখন সঁচাকৈয়ে দুখ লগা চিনেমা । সঁচা কাহিনীক লৈ চিনেমাখন নিৰ্মাণ কৰা হৈছে । আপোনালোকে কন্যা সন্তানসকলৰ সৈতে দ্য কেৰালা ষ্ট’ৰীখন চাওক ৷ আমাৰ সন্তানে কাৰ লগত বন্ধুত্ব কৰিছে ইয়াৰ খবৰ পৰিয়ালে ৰখাটো অত্যন্ত প্ৰয়োজনীয়’’ (The Kerala Story controversy in Assam) ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘অসমত ঘটি থকা লাভ জেহাদৰ দৰে কাৰ্যবোৰ কলিতে নাইকিয়া কৰিব পাৰোঁ, ইয়াৰ বাবে সকলোৱে এই চিনেমাখন চাব লাগে । কেৰালাৰ ছোৱালীৰ কাহিনীক লৈ চিনেমাখন নিৰ্মাণ কৰা হৈছে । কেনেকৈ ছোৱালীক সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰে তাক চিনেমাখনত দেখুওৱাৰ চেষ্টা কৰা দেখা হৈছে । সন্ত্ৰাসবাদীৰ কবলত পৰি শেষত কেনেকৈ একো একোজনী ছোৱালীৰ জীৱন ধ্বংস হৈ যায় তাকে চিনেমাখনত দেখুওৱা হৈছে’’ (CM urges to watch The Kerala Story) ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে চলচ্চিত্ৰখন পশ্চিমবংগত নিষিদ্ধ কৰাৰ সন্দৰ্ভত কয়, ‘‘অন্যান্য ৰাজ্যৰ কথা মই ক’বলৈ বিচৰা নাই । এই চিনেমাখন সন্ত্ৰাসবাদীৰ ষড়ষন্ত্ৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিছে ৷ এইখন ছবিত মুছলমান সম্প্ৰদায়ৰ যুৱতীসকলৰ লগতো ষড়যন্ত্ৰ কৰা দেখুওৱা হৈছে ৷ এই চিনেমাখন কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয় । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰ্মাণ কৰিছে । যিয়ে এই চিনেমাখন নিষিদ্ধ কৰাৰ কথা কৈছে তেওঁলোকে ভুল সিদ্ধান্ত লৈছে । তেওঁলোকে নিষিদ্ধ কৰাৰ পূৰ্বে চিনেমাখন চাব লাগিছিল, তেতিয়া তেওঁলোকে উপলব্ধি কৰিলে হয় ৷ এই ছবিখনৰ ধৰ্মৰ লগত কোনো সংযোগ নাই ৷ এই ছবিখনে সন্ত্ৰাসবাদীৰ বৰ্বৰ স্বৰূপটো উদঙাই দিছে’’ (Assam CM reaction on The Kerala Story) ৷

লগতে পঢ়ক: The Kerala Story: পশ্চিমবংগত দ্য কেৰালা ষ্ট’ৰী নিষেধাজ্ঞাক লৈ চিবিএফচিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.