নগাঁৱত কুৰিয়াৰ সেৱাৰে ড্ৰাগছ সৰবৰাহ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 8:55 PM IST

thumbnail

নগাঁও, ১৯ ডিচেম্বৰ: নিতৌ নতুন নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে সৰবৰাহকাৰীয়ে । কুৰিয়াৰ সেৱাৰ জৰিয়তেও নগাঁৱত সৰবৰাহ হয় ড্ৰাগছ । নগাঁৱৰ কুৰিয়াৰ ছাৰ্ভিচত জব্দ হৈছে নিচাযুক্ত দ্ৰব্য । বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ সৰবৰাহ কৰা হ'ল ক'ডেইনযুক্ত দহ কাৰ্টন নিচাযুক্ত কফ চিৰাপ । পাঞ্জাবৰ মোহালিৰ পৰা নিচাযুক্ত কফ ছিৰাপখিনি সৰবৰাহ কৰা হৈছে নগাঁৱৰ ছে'ফ এক্সপ্ৰেছ নামৰ এটা কুৰিয়াৰ ছাৰ্ভিছলৈ ।

ছে'ফ এক্সপ্ৰেছ নামৰ কুৰিয়াৰ ছাৰ্ভিচৰ স্বত্বাধিকাৰ দিলীপ কুমাৰলৈ অভিযোগৰ আঙুলি কুৰিয়াৰ চাৰ্ভিচটোৰ এজন প্ৰাক্তন কৰ্মচাৰী বিপুল চন্দ্ৰ দাসৰ । দহৰ পৰা পোন্ধৰ হাজাৰ টকাৰ বিনিময়ত কুৰিয়াৰ ছাৰ্ভিচৰ স্বত্বাধিকায়ে নিচাযুক্ত দ্ৰব্য ড্ৰাগছ সৰবৰাহকাৰীক কোৰিয়াৰৰ জৰিয়তে যোগান ধৰে বুলি অভিযোগ কৰে কৰ্মচাৰীজনে ।

আনহাতে, কুৰিয়াৰ ছাৰ্ভিচত কৰ্মৰত হৈ থকা বিপুল চন্দ্ৰ দাসে এই কথা অৱগত হোৱা বাবেই কৰ্মচাৰীজনক চাকৰিৰ পৰা অব্যাহতি দিয়া বুলি অভিযোগ কৰে । মঙলবাৰে নগাঁও আৰক্ষীয়ে নিচাযুক্ত কফ চিৰাপ খিনি জব্দ কৰে । ইপিনে, কুৰিয়াৰ যোগে ড্ৰাগছ সৰবৰাহৰ বিষয়ে স্বত্বাধিকাৰী অৱগত নহয় বুলি দাবী কৰে স্বত্বাধিকাৰীজনে ।  

লগতে পঢ়ক:সামৰণি পৰিল অষ্টম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.