Smuggling blankets seized: এইবাৰ ভাৰত-বাংলাদেশ সীমান্তৰে চোৰাং কম্বল সৰবৰাহ

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 5:31 PM IST

thumbnail

ধুবুৰী,১১ নৱেম্বৰ: চাউল, গৰু, ড্ৰাগছৰ পিছত এতিয়া বাংলাদেশলৈ চোৰাংকৈ চালান দিয়া হৈছে কম্বল । বাংলাদেশৰ নাগৰিকৰ বাবে বৰ্তমান চোৰাং চালান দিয়া হৈছে কম্বল । ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলৰ নদী পথৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰে ২২ টাকৈ কম্বলৰ টোপোলা । কম্বলৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত থকা মজিদ নামৰ এটা সৰবৰাহকাৰীক আটক কৰি শুকুৰবাৰে নিশাই বি এছ এফে গতাই দিয়ে ধুবুৰী আৰক্ষীক ।  

আনহাতে সীমান্তৰ পোকামাৰী অঞ্চলতো বি এছ এফে অভিযান চলাই কম্বলসহ আন তিনিটা সৰবৰাহকাৰীক আটক কৰি থানালৈ লৈ আনে বি এছ এফে । ভোগদহৰ, পাটামাৰী, পোকামাৰী আদি বিভিন্ন সীমান্ত অঞ্চলত চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে সীমান্ত সুৰক্ষা বাহিনীয়ে । উল্লেখ্য যে, বানৰ সময়ত নাও ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু, ড্ৰাগছ, চেনী চাউল আদি কৰি বিভিন্ন সামগ্ৰীৰ চোৰাং চালান দি অহাৰ সমান্তৰালভাৱে ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ পিছত এতিয়া  উন্মুক্ত নদী সীমান্তৰে বিভিন্ন সামগ্ৰীৰ চোৰাং চালান দি অহাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: Fake doctor arrested: মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.