ETV Bharat / state

Fake doctor arrested: মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 2:56 PM IST

ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ভ্ৰাম্যমান দলত বিগত দহদিন চিকিৎসকৰূপে নিজকে পৰিচয় দি মানুহৰ জীৱনক লৈ হেতালি খেলিছিল ভুৱা চিকিৎসক শ্বৰিমুল হক মজুমদাৰে ৷ অৱশেষত শুকুৰবাৰে মৰিগাঁও আৰক্ষীয়ে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ পৰা গ্ৰেপ্তাৰ কৰে শ্বৰিমুল হক মজুমদাৰক ৷

Fake doctor arrested
মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক

মৰিগাঁও আৰক্ষীৰ জালত ভুৱা চিকিৎসক

মৰিগাঁও, ১১ নৱেম্বৰ: ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে । এনে সময়তে মৰিগাঁও আৰক্ষীৰ জালত পৰিল আন এজন ভুৱা চিকিৎসক ৷ ভুৱা চিকিৎসকটো শ্বৰিমুল হক মজুমদাৰ বুলি জানিব পৰা হৈছে । মৰিগাঁও আৰক্ষীয়ে শুকুৰবাৰে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ পৰা গ্ৰেপ্তাৰ কৰে শ্বৰিমুল হক মজুমদাৰ ৷

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ভ্ৰাম্যমান দলত বিগত দহদিন ধৰি চিকিৎসকৰূপে নিজকে পৰিচয় দি মানুহৰ জীৱনক লৈ হেতালি খেলিছিল এইটো ভুৱা চিকিৎসকে । মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ তিনিআলিত এখন ফাৰ্মাচীত বিভিন্ন বিভাগৰ বিশেষজ্ঞৰূপে ৰোগীক ৰাম ঠগন দিছিল মুন্নাভাই চিকিৎসকটোৱে । কিন্তু দিন বেয়া আছিল ভুৱা চিকিৎসক শ্বৰিমুল হক মজুমদাৰৰ ৷ যাৰ বাবে অৱশেষত ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল তেওঁ ৷

সন্দেহবশতঃ এই ভুৱা চিকিৎসকৰ আচৰণত সন্দেহ জন্মিছিল অসম চিকিৎসক সেৱা সন্থাৰ বিষয়ববীয়াৰ । যাৰ বাবে তেওঁলোকে এই সন্দৰ্ভত আৰম্ভ কৰে অভিযান ৷ অৱশেষত শুকুৰবাৰে মৰিগাঁও আৰক্ষীয়ে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ পৰা গ্ৰেপ্তাৰ কৰে শ্বৰিমুল হক মজুমদাৰক ৷ ভুৱা চিকিৎসকটোৱে জানিবলৈ দিয়া মতে তেওঁ ঘৰ হাইলাকান্দিত ।

ভুৱা চিকিৎসকটো আটক কৰাৰ পাচত মৰিগাঁও জিলা চিকিৎসক সন্থাই ভুৱা চিকিৎসকটোৰ প্ৰতিখন প্ৰমাণপত্ৰ সন্দেহযুক্ত বুলি জানিবলৈ দিয়ে । তেওঁলোকে আৰক্ষীক এই সন্দৰ্ভত তদন্ত চলোৱা বাবে আহ্বান জনায় ৷ চিকিৎসক সন্থাৰ লগতে জিলাখনৰ অব্যাহত থকা ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰে ।

জানিব পৰা মতে, শ্বৰিমুল হক মজুমদাৰে মৰিগাঁও মিকিৰভেটা ৰাজ্যিক চিকিৎসালয়তো চিকিৎসক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ ইফালে এই ঘটনাই সমগ্ৰ মৰিগাঁও জিলাতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । ঘটনা সন্দৰ্ভত মৰিগাঁও জিলা স্বাস্থ্য বিভাগ আৰু আৰক্ষীয়ে সম্প্ৰতি অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক: Fake doctor arrested: মৰিগাঁৱত ভুৱা চিকিৎসকৰ বিশাল নেটৱৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.