Fake gold seized in Guwahati : নকল সোণসহ আটক প্ৰৱঞ্চক

By

Published : Oct 28, 2022, 11:45 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

উত্তৰ গুৱাহাটীত জব্দ হৈছে নকল সোণৰ নাও আৰু যীচুৰ মূৰ্তি (Fake gold seized in Guwahati) ৷ লগতে জব্দ চাৰিটা ম’বাইল ফোন, নগদ ১ লাখ ৫ হাজাৰ টকা‌ আৰু এখন বিলাসী বাহন ৷ জব্দকৃত নকল সোণৰ নাও আৰু যীচুটোৰ ওজন প্ৰায় দুই কিলোগ্ৰাম ৷ সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে সদৰী কৰা অনুসৰি, কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহেমেদে এক গোপন খবৰৰ তথ্যৰ ভিত্তিত উত্তৰ গুৱাহাটী গৌৰিপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ নাথ হাজৰিকা আৰু উপ পৰিদৰ্শক উপানন্দ কলিতাই এই সন্দৰ্ভত চলাই এক অভিযান ৷ অভিযানত জব্দ হয় উক্ত সামগ্ৰীখিনি । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত সোণাপুৰ ৰিজাৰ্ভ গাঁৱৰ আবু হানিফা (২৬), বাহাৰুদ্দিন (২৩) নামেৰে দুই যুৱকক আটক কৰে (Smugglers arrested with Fake gold in Guwahati) ৷ আটকাধীন দুই যুৱকে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ অন্তৰ্গত শিলাগ্ৰেন্ট কাটিংপাহাৰৰ কামাখ্যা ল’জৰ এটা কোঠা ভাড়ালৈ লৈ দীৰ্ঘ দিনৰ পৰাই নকল সোণৰ ব্যৱসায় কৰি আছিল । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ইতিমধ্যে অভিযান তীব্ৰতৰ কৰি তুলিছে । আৰক্ষীয়ে সন্দেহ কৰা মতে, গ্ৰাহকক ঠগাই নকল সোণৰ ৰমৰমীয়া ব্যৱসায় কৰা এই ঘটনাৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.