Livestock smuggling in luxury vehicles: এইবাৰ বিলাসী বাহনত গৰুৰ চোৰাং সৰবৰাহ

By

Published : Oct 27, 2022, 7:50 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ নিতৌ ন ন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে কঢ়িয়াইছে গৰু ৷ পূৰ্ৱে সৰবৰাহকাৰীয়ে ট্ৰাক অথবা মালবাহী ট্ৰাকত কঢ়িয়াইছিল গৰু ৷ কিন্তু এতিয়া আৰক্ষী তথা বনবিভাগৰ চকুত ধুলি দিবলৈকে সৰবৰাহকাৰীয়ে পৰিবহণৰ ফৰ্মোলা সলনি কৰি বিলাসী বাহনত কঢ়িয়াবলৈ লৈছে গৰুকে ধৰি বিভিন্ন পশুধন (Livestock smuggling in luxury vehicles) ৷ শেহতীয়াকৈ বিলাসী বাহনত গৰু সৰবৰাহৰ আন এক ঘটনা পুনৰ পোহৰলৈ আহিছে ৷ এইবাৰৰ স্থান কাজিৰঙাৰ এনিমেল কৰিডৰ ৷ কাজিৰঙাৰ এনিমেল কৰিডৰত বুধবাৰে নিশা সাতটাকৈ গৰুভৰ্তি এখন XYLO বাহন জব্দ কৰা হয় (Cattle lifters now use luxury vehicle in Assam) ৷ নুমলীগড়ৰ বিহৰাৰ পৰা চামগুৰি অভিমুখে গৈ আছিল বাহনখন ৷ কিন্তু হালধীবাৰী এনিমেল কৰিডৰত বন বিভাগৰ এটা দলে টহল দি থকাৰ সময়তে সেই স্থানেৰে পাৰ হ’ব বিচৰা বাহনখনৰ চকা ফুটে ৷ চকা ফুটাৰ পাছতেই সেই স্থানত থকা বন বিভাগৰ টহলদাৰী দলটোৱে বাহনখনত চলালে তালাচী ৷ তালাচীত বাহনৰ ভিতৰত গৰু ভৰাই ৰখা প্ৰত্যক্ষ কৰি বন বিভাগৰ দলটোৱে বাহনখন জব্দ কৰাৰ লগতে আটক কৰে বাহনখনৰ চালকক ৷ আটকাধীন দুই চালক ক্ৰমে চাইদুল ইছলাম আৰু বাবুল হুছেইন বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ধৃত দুই চালকক বন বিভাগে কহঁৰা আৰক্ষীক চমজাই দিয়ে ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.