Heroine seized in Jalukbari: জালুকবাৰীত হেৰ’ইনসহ আটক সৰবৰাহকাৰী

By

Published : Dec 27, 2022, 9:46 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

পুনৰ মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন (Heroine seized in Jalukbari) । মঙলবাৰে জালুকবাৰী তেতেলিয়াৰ এটা ফ্লেটৰ পৰা জব্দ হয় হেৰ’ইনখিনি । এক গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত কল্যাণ পাঠকৰ নেতৃত্বত জালুকবাৰী তেতেলিয়াত চলিছিল এক অভিযান (Guwahati police raid against drugs) ৷ অভিযানকালত ২২ টা হেৰ’ইন ভৰ্তি পেকেট জব্দ কৰে আৰক্ষীয়ে ৷ জব্দকৃত হেৰ’ইনখিনিৰ ওজন প্ৰায় ৩০০ গ্ৰাম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ লগতে ছয়গাঁও গৰৈমাৰীৰ আলম আলি নামৰ এটা সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আলম আলিৰ পৰা আৰক্ষীয়ে নগদ ৫৩ হাজাৰ ৪৯০ টকা জব্দ কৰে । সৰবৰাহকাৰী আলমৰ পৰা আৰক্ষীয়ে AS01EH 9902 নম্বৰৰ এখন এল্টো বাহন জব্দ কৰাৰ লগতে ঘৰৰ পৰা উদ্ধাৰ হৈছে বহুকেইখন নম্বৰ প্লেটবিহীন বাহন ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.