Ganja seized: চতিয়াত বুজন পৰিমাণৰ গাঞ্জাসহ সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:53 PM IST

thumbnail

চতিয়া,১১ অক্টোবৰ: ৰাজ্যজুৰি অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান । বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বহু নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীক । জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য় । কিন্তু ইমানৰ পাছতো একাংশ সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি অবাধে চলাই গৈছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ । ইয়াৰ মাজতে পুনৰ অভিযান চলিল চতিয়াত ।

বুধবাৰে চতিয়া আৰক্ষী আৰু ইটাখোলা আৰক্ষীৰ এটা দলে এক গোপন সুত্ৰৰ পম খেদি প্ৰায় ২ লাখ টকা মূল্যৰ ১০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । তথ্য অনুসৰি অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ ইটাখোলাত দীৰ্ঘদিন ধৰি ওদালগুৰিৰ এটা গাঞ্জা ব্যৱসায়ী দলে গাঞ্জা সৰবৰাহ কৰি অহা তথ্য লাভ কৰিছিল আৰক্ষীয়ে । ইফালে এই তথ্যৰ ভিত্তিত বুধবাৰে চতিয়া আৰক্ষী আৰু ইটাখোলা আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ এটা গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।  

লগতে পঢ়ক: Illegal liquor seized: তিনিচুকীয়াত অবৈধ সুৰা বিৰোধী অভিযান; জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.