Smuggled cattle seized in Nagaon: মেঘালয়ৰে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ

By

Published : Mar 16, 2023, 10:04 PM IST

thumbnail

নগাঁও, ১৬ মাৰ্চ: আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পিচতো মধ্য অসমত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam)। ইয়াৰ মাজতেই  বৃহস্পতিবাৰে নগাঁও আৰক্ষীৰ অভিযানত জব্দ চোৰাংকৈ সৰবৰাহ কৰা ৩৬ টাকৈ পশুধন (cattle smuggling in Nagaon)। গৰুৰ চোৰাং সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে ট্ৰাকৰ চালকজনক ।

মেঘালয় হৈ বাংলাদেশলৈ অব্যাহত গৰুৰ চোৰাং সৰবৰাহ (Smuggled cattle seized in Nagaon) । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ অব্যাহত গৰুৰ চোৰাং সৰবৰাহ । উজনি অসমৰ পৰা নগাঁও হৈ মেঘালয় অভিমুখে গৈ থকা গৰুভৰ্তি এখন বাহন জব্দ হোৱাৰ পিছতেই পোহৰলৈ আহিছে এই তথ্য । বৃহস্পতিবাৰে নগাঁও আৰক্ষীৰ অভিযানত জব্দ হয় চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি এখন ট্ৰাক ।  

নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলাই মেঘালয় অভিমুখে গৈ থকা গৰুভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা ট্ৰাকৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা ৩৬ টাকৈ গৰু জব্দ কৰে আৰক্ষীয়ে । চিলাপথাৰৰ পৰা মেঘালয় অভিমুখে গৈ থাকোতে নগাঁৱত জব্দ হয় এই গৰু ভৰ্তি ট্ৰাকখন । পিছত আৰক্ষীয়ে এই ঘটনাৰে জড়িত  ট্ৰাকখনৰ চালক ৰফিকুল ইছলামক আটক কৰে ।

লগতে পঢ়ক:Nagaon DC warns officers: ভূমি সম্বন্ধীয় সেৱা প্ৰদানত গাফিলতি কৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ জিলা উপায়ুক্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.