ঘোৰ নিদ্ৰাত আৰক্ষী: একে নিশাই ছখনকৈ দোকানত চোৰৰ চাফাই অভিযান

By

Published : Oct 3, 2022, 6:35 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ নিচেই কাষতে থকা ছখনকৈ দোকানত দেওবাৰে নিশা চোৰে চলালে চাফাই অভিযান ( Six shops looted at Manikpur)৷ মুকুল ৰায় নাম লোকজনৰ কাপোৰৰ দোকানৰ পিছ দুৱাৰেদি তলা ভাঙি প্ৰায় দুই লক্ষাধিক টকাৰ কাপোৰ লৈ যায় ৷ আনফালে তাৰ সমীপৰে হোমিঅ’ ফাৰ্মাচী, ডিটিপি ছেন্টাৰ, স্কুটাৰ গেৰেজ, চাহৰ দোকানৰো পিছ দুৱাৰৰ তলা ভাঙি চোৰে চাফাই অভিযান চলায় (Thief looted six shops in one night)৷ এক ৰাতিতে চোৰে ছয় খনকৈ দোকানত চুৰি কৰা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Theft in Manikpur) ৷ এতিয়া ৰাইজৰ মনত এটাই প্ৰশ্ন উত্থাপন হৈছে, মাণিকপুৰ আৰক্ষী থানাৰ ৰাতিৰ তহলদাৰী আৰক্ষী সকল কি কৰি থাকে ? এই চুৰি ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে মাণিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ তদন্ত আৰম্ভ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.