Silshako Protest: কোনো খিলঞ্জীয়া লোকৰ ঘৰত হাত দিবলৈ দিয়া নহ’ব চৰকাৰক- প্ৰতিবাদকাৰীৰ সকিয়নী

By

Published : Jun 7, 2023, 5:38 PM IST

thumbnail

গুৱাহাটী, ৭ জুন: "এইবাৰ যদি চৰকাৰে উচ্ছেদ চলাবলৈ আহে আমি সন্মুখ সমৰত লিপ্ত হম ৷ কোনো কাৰণত আমি এঘৰো খিলঞ্জীয়া লোকৰ বাসগৃহত হাত দিবলৈ নিদিওঁ (Silshako eviction protest)৷ এয়া আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো (Silshako evicted families protest ) ৷ যি পৰ্যন্ত অসমৰ লোকে ভূমিৰ অধিকাৰ নাপাব, সেই পৰ্যন্ত  আমি জীৱন দি হ’লেও এই সংগ্ৰাম আগুৱাই লৈ যাম ৷" চৰকাৰক সকিয়নী দি এই মন্তব্য প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ৷ 

বুধবাৰে শিলসাঁকো বিলৰ পাৰত উচ্ছেদ সম্পূণৰূপে বন্ধ কৰা, উচ্ছেদিতক পুনঃ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ দাবীত পুনৰ প্ৰতিবাদত বহিল শিলসাঁকো বিলৰ পাৰৰ উচ্ছেদিত লোকসকলে । চচলৰ ধৰ্ণাস্থলীত শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদীসকলে বিজেপি চৰকাৰ গ' বেক, খিলঞ্জীয়াক উচ্ছেদ নচলিব, খিলঞ্জীয়াক একে স্থানতে পুনৰ সংস্থাপন দিয়ক, উচ্ছেদিতক ক্ষতিপূৰণ দিয়ক, শিলসাঁকোৰ মাটি অনা অসমীয়া লোকক আৱন্টন দিয়া বন্ধ কৰক আদি দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে। 

উচ্ছেদিত ৰাইজে আগন্তুক দিনত শিলসাঁকো বিলৰ পাৰত প্ৰশাসনে পুনৰ উচ্ছেদ চলালে শিলসাঁকো বিলৰ পাৰৰ ৰাইজে সৰ্বশক্তি প্ৰয়োগ কৰি উচ্ছেদ কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে। এই কার্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাই সহযোগিতা কৰি অংশগ্ৰহণ কৰে ৷ 

লগতে পঢ়ক: Construction on Puthimari River Embankment :পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.