Poisonous mushrooms reaction : বিষাক্ত কাঠফুলা খাই অসুস্থ একেটা পৰিয়ালৰে তিনিজনকৈ লোক

By

Published : Apr 2, 2023, 2:28 PM IST

thumbnail
()

তিতাবৰ, 2 এপ্ৰিল : গোলাঘাট জিলাৰ মেৰাপানীত বিষাক্ত কাঠফুলা খাই অসুস্থ একেটা পৰিয়ালৰে তিনিজনকৈ লোক । মেৰাপানী বালিগুৰিৰ ফুপুলু বৰ্মন, তেওঁৰ পত্নী তৰালি বৰ্মন আৰু এটি দুবছৰীয়া শিশু হেমন্ত বৰ্মন কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰে । উল্লেখ্য যে, কাষৰীয়া নগা পাহাৰৰ পৰা বুটলি অনা কাঠফুলা নিশা ৰান্ধি খোৱাৰ পাছতেই অসুস্থ হৈ পৰে পৰিয়ালটোৰ তিনিজনকৈ লোক (Sick after consuming poisonous mushrooms)। 

শৌচ, বমি আৰু মূৰ ঘুৰণিত ভূগি থকা অৱস্থাতে তিনিওকে মেৰাপানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে উন্নত চিকিৎসাৰ বাবে অসুস্থ আটাইকেইজনকে গোলাঘাটলৈ প্ৰেৰণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে যদিও দৰিদ্ৰ পৰিয়ালটোৱে ধনৰ অভাৱৰ বাবেই উন্নত চিকিৎসাৰ বাবে নিব পৰা নাই বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক : BPF rally in Kokrajhar: আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি বিপিএফৰ বিশাল পদযাত্ৰাৰ লগতে জনজাগৰণ সভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.