Junmoni Rabha death case: লখিমপুৰৰ পৰা অভিযান চলাই উভতিল চিবিআইৰ দল

By

Published : Jun 23, 2023, 9:16 PM IST

thumbnail

নগাঁও, 23 জুন: তীব্ৰগতিত চলিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ CBIৰ তদন্ত প্ৰক্ৰিয়া ৷ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ লগতে ইয়াৰ সৈতে সম্পৰ্কিত আন তিনিটা গোচৰ, অৰ্থাৎ মুঠ 4 টা গোচৰৰ তদন্ত চলাইছে কেন্দ্ৰীয় তদন্তকাৰী দলটোৱে ৷  

চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত তদন্তকাৰী দলটোৱে মঙলবাৰে নগাঁৱৰ পৰা গৈ উপস্থিত হৈছিল লখিমপুৰত ৷ লখিমপুৰত ধাৰাবাসিকভাৱে তিনিদিন অভিযান চলাই শুকুৰবাৰে নগাঁৱলৈ পুনৰ উভতি আহে দলটো ৷ উল্লেখ্য যে নকল সোণ আৰু নকল জালনোটৰ গোচৰৰ তদন্ত চলাবলৈ লখিমপুৰলৈ গৈছিল CBIৰ দলটো ৷  

ইফালে নগাঁৱৰ আৱৰ্ত ভৱনত থকা চি বি আইৰ আন এটা দলে বৃহস্পতিবাৰে সন্ধিয়া প্ৰয়াত এছ আই জোনমণি ৰাভাৰ নগাঁৱস্থিত চৰকাৰী আবাসত উপস্থিত হয় ৷ জোনমণিৰ চৰকাৰী আবাসৰ পৰাও দলটোৱে কেতবোৰ তথ্য সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী দুই এদিনৰ ভিতৰতে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেকো চিবিআইৰ দলটোৱে জেৰা চলোৱাৰ সম্ভাৱনা আছে ৷  

লগতে পঢ়ক: কলিয়াবৰ সমষ্টি বিলুপ্তিকৰণৰ সিদ্ধান্ত আৰু গৌৰৱ গগৈৰ পৰৱৰ্তী লক্ষ্য; এক বিশেষ প্ৰতিবেদন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.