ETV Bharat / state

কলিয়াবৰ সমষ্টি বিলুপ্তিকৰণৰ সিদ্ধান্ত আৰু গৌৰৱ গগৈৰ পৰৱৰ্তী লক্ষ্য; এক বিশেষ প্ৰতিবেদন

author img

By

Published : Jun 22, 2023, 8:44 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ নিৰ্বাচন আয়োগৰ ৷ কলিয়াবৰ লোকসভা সমষ্টি বিলুপ্তিৰ সিদ্ধান্ত খচৰাত ৷ নতুন ঠিকনা কি হ’ব সাংসদ গৌৰৱ গগৈৰ ? গৌৰৱৰ লক্ষ্য হ'ব নেকি নগাঁও লোকসভা সমষ্টি ? যদি তেনে হয়, তেন্তে কি হ'ব নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যৎ ? এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন

Assam constituency delimitation draft
Constituency delimitation in Assam

কি হ'ব সাংসদ গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যৎ ?

নগাঁও, 22 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতেই চৰ্চালৈ আহিছে অসমৰ এটা লোকসভা সমষ্টি ৷ খচৰা প্ৰস্তাৱ অনুসৰি বিলুপ্তি ঘটোৱা হ’ব এই সমষ্টিটো ৷ কিন্তু অসমৰে এটা বিশেষ পৰিয়ালৰ বাবে এই সমষ্টিটো অতি বিশেষ ৷ সুদীৰ্ঘ সময় ধৰি এটা পৰিয়ালে প্ৰতিনিধিত্ব কৰি অহা এটা সমষ্টি ৷ এই সমষ্টিটো হৈছে কলিয়াবৰ লোকসভা সমষ্টিৰ কথা ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পৰা পুত্ৰ গৌৰৱ গগৈলৈ, গগৈ পৰিয়ালৰ বাবে যেন একপ্ৰকাৰ সংৰক্ষিত এই সমষ্টিটো ৷ কিন্তু নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা অনুসৰি বিলুপ্তি হোৱাৰ সম্ভাৱনা গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা কলিয়াবৰ লোকসভা সমষ্টি । কলিয়াবৰ লোকসভা সমষ্টিৰ পৰাই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নিৰ্বাচিত হৈছিল লোকসভালৈ ৷ তৰুণ গগৈৰ পিচত তেওঁৰ ভাতৃ দ্বীপ গগৈ আৰু শেহতীয়াকৈ কলিয়াবৰ লোকসভা সমষ্টি বিগত দুটাকৈ কাৰ্যকাল নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল গৌৰৱ গগৈয়ে ।

তথ্য অনুসৰি, ১৯৮৫ চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিত অগপৰ ভদ্ৰেশ্বৰ তাঁতীৰ হাতত পৰাজিত হৈছিল তৰুণ গগৈ । ১৯৯১ চনৰ নিৰ্বাচনত অগপ প্ৰাৰ্থীক পৰাজিত কৰি কলিয়াবৰ লোকসভা সমষ্টিক আধিপত্য বিস্তাৰ কৰে তৰুণ গগৈয়ে । কিন্তু ১৯৯৬ সাধাৰণ নিৰ্বাচনত কেশৱ মহন্তৰ হাতত পৰাজিত হোৱা তৰুণ গগৈ পুনৰ ১৯৯৯ চনৰ মধ্যকালীন নিৰ্বাচনত একেটা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় ।

পৰৱৰ্তী সময়ত ২০০১ চনত চৰকাৰৰ গঠন কৰি মুখ্যমন্ত্ৰীৰ আসনত তৰুণ গগৈ অধিষ্ঠিত হোৱাত, ২০০২ চনৰ উপ-নিৰ্বাচনত তৰুণ গগৈৰ ভাতৃ দ্বীপ গগৈ নিৰ্বাচিত হয় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে । একেৰাহে ২০০৪ আৰু ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনতো সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় দ্বীপ গগৈ । ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ দখললৈ যায় কলিয়াবৰ লোকসভা সমষ্টি ।

২০১৯ চনৰ সাধাৰণ নিৰ্বাচনতো দ্বিতীয়বাৰৰ বাবে সমষ্টিটোৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয় গৌৰৱ গগৈ । ২০১৯ চনৰ নিৰ্বাচনত অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তই কংগ্ৰেছৰ গৌৰৱ গগৈক যথেষ্ট প্ৰত্যাহ্বান জনায় যদিও লোকসভা সমষ্টিটোৰ অধীনৰ চামগুৰি, ৰূপহীহাট, বটদ্ৰৱা আৰু ধিং বিধানসভা সমষ্টিৰ ভোটাৰৰ সমৰ্থনত জয় লাভ কৰিছিল গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক: Constituency delimitation: অসমীয়া হিন্দু আৰু বঙালী হিন্দুৰ মাজত বিভাজন সৃষ্টি বিজেপিৰ; গৌৰৱ গগৈ

চামগুৰি বিধানসভা সমষ্টিৰ ভোটগণনাৰ পূৰ্বলৈকে অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আগবাঢ়ি আছিল প্ৰায় ৫০ হাজাৰ ভোটত ৷ কিন্তু চামগুৰি বিধানসভা সমষ্টিত মণিমাধৱ মহন্ততকৈ গৌৰৱ গগৈয়ে লাভ কৰিছিল প্ৰায় ২২ হাজাৰ অধিক ভোট । একেদৰে ৰূপহীহাট বিধানসভা সমষ্টিতো গৌৰৱ গগৈ আৰু মণিমাধৱ মহন্তৰ ভোটৰ ব্যৱধান আছিল লক্ষাধিক । বটদ্ৰৱা বিধানসভা সমষ্টিত প্ৰায় ৩০ হাজাৰ, ধিং বিধানসভা সমষ্টিত প্ৰায় ১ লাখ ৩০ হাজাৰ ভোটত আগবাঢ়িছিল গৌৰৱ গগৈ । এনে ক্ষেত্ৰত গৌৰৱ গগৈৰ বিজয়ী হোৱাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল সংখ্যালঘু অধ্যুষিত চামগুৰি, ৰূপহীহাট, বটদ্ৰৱা আৰু ধিং সমষ্টিৰ ভোটাৰে ।

কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ অনুসৰি কলিয়াবৰ সমষ্টি বিলুপ্তি আৰু চামগুৰি, ৰূপহীহাট, বটদ্ৰৱা আৰু ধিং সমষ্টিৰ এটা অংশ নগাঁও লোকসভা সমষ্টিত । এনে প্ৰেক্ষাপটত নগাঁও লোকসভা সমষ্টি লক্ষ্য হ'ব নেকি গৌৰৱ গগৈৰ ? নে গৌৰৱ গগৈয়ে বাচিব প্ৰস্তাৱিত কাজিৰঙা সমষ্টিক ৷ যদি নগাঁও লোকসভা সমষ্টি গৌৰৱ গগৈৰ লক্ষ্য হয় তেন্তে কি হ'ব সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যৎ? বিকল্প সিদ্ধান্ত ল’ব নেকি প্ৰদ্যুৎ বৰদলৈয়ে ? বিকল্প হ’ব পাৰে নেকি বিজেপি ? ৰাজনৈতিক মহলত বাৰুকৈয়ে চৰ্চিত হৈছে এই প্ৰশ্ন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.