Shoot Out at Gohpur: গহপুৰৰ হেলেম চাপৰিত খৰিকটীয়াক গুলীয়ালে অৰুণাচলী দুৰ্বুত্তই

By

Published : Jan 14, 2023, 8:31 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

গহপুৰৰ অসম-অৰুণাচল সীমান্তৰ হেলেম চাপৰিত খৰিকটীয়াক গুলীয়ালে অৰুণাচলী দুৰ্বৃত্তই (Shoot Out at Gohpur)৷ গুলীচালনাত খৰিকটীয়া পানীৰাম ফাংচ’ গুৰুতৰভাৱে আহত হয় ৷ উল্লেখ্য যে পানীৰাম ফাংচ’ আৰু এগৰাকী সতীৰ্থই খৰি কাটিবলৈ গৈছিল অৰুণাচল সীমান্তৰ হেলেম চাপৰিত ৷ তাৰ পিচতেই অৰুণাচলী দুৰ্বৃত্তই গুলীৰে থকা-সৰকা কৰে পানীৰাম ফাংচ’ক (Firing by Arunachal miscreant at Gohpur)৷  আনজন খৰিকটীয়া পলাই যাবলৈ সক্ষম হয় ৷ ইতিমধ্যে গুৰুতৰভাৱে আহত পানীৰাম ফাংচ’ সংকটজনক অৱস্থাত নাহৰলগুণৰ ইটানগৰৰ আৰ. কে. মিশ্যন হাস্পতালত(RK Mission Hospital Arunachal) চিকিৎসাধীন হৈ আছে ৷ পানীৰাম ফাংচ'ৰ পিঠিত ৫ টাকৈ স্থানত গুলীয়ে আঘাত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশ, বন-বিভাগ আৰু আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.