চৰাইদেউ মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি, বুধবাৰে স্থাপন মহোৎসৱৰ লাইখুঁটা

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 7:02 AM IST

thumbnail

ডিব্ৰুগড়, 14 ডিচেম্বৰ : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে আগবাঢ়িছে চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনয়ন ইউনেস্ক'ত গ্ৰহণ কৰা পাচতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদাম ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়া চৰাইদেউ মৈদামৰ সমীপত অনুষ্ঠিত হ’ব লগা চৰাইদেউ মহোৎসৱক লৈও চলিছে ব্যাপক প্ৰস্তুতি । উল্লেখ্য যে, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত চৰাইদেউবাসী ৰাইজৰ সহযোগত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অহা 5 জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱ 2024 ।

এই মহোৎসৱৰ বাবে বুধবাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে লাইখুঁটা স্থাপন কৰা হয় । টাই আহোমৰ মুলুঙে পূজা অৰ্চনাৰে লাইখুঁটা স্থাপন কৰা অনুষ্ঠানত উপস্থিত আছিল বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ, চৰাইদেউ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক  :চৰাইদেউৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.