Robbery in Rangia: ৰঙিয়া নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

By

Published : Jul 10, 2023, 9:10 PM IST

thumbnail

ৰঙিয়া, 10 জুলাই: ৰঙিয়া নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ এছ বি আই বেংকৰ চৌহদত গৃহৰক্ষী জোৱানৰ পৰা টকা কাঢ়ি পলায়ন ডকাইতৰ ৷ ৰঙিয়াৰ সদাব্যস্ত মহাত্মা গান্ধী পথত সংঘটিত হৈছে এই ডকাইতি কাণ্ড ৷ ৰাইজৰ সহযোগত গৃহৰক্ষী জোৱানে খেদি খেদি কৰায়ত্ত কৰিলে ডকাইতক ৷

ইফালে একাংশ উত্তেজিত ৰাইজে উত্তম-মধ্যম শোধালে ডকাইতটোক ৷ ধৃত ডকাইতটো ৰঙিয়াৰ গৰকা খৈৰাবাড়ীৰ মানস কলিতা (22) বুলি জানিব পৰা গৈছে ৷ জানিব পৰামতে নিশা ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত এগৰাকী গৃহৰক্ষী জোৱানে চিডিএমত ধন ভৰাই থাকোতেই কৌশলৰে 9 হাজাৰ টকা লৈ পলায়ন কৰিছিল ধৃত ডকাইতটোৱে ৷ পৰৱৰ্তী সময়ত ৰাইজে লপা-থপা দি ধৃত ডকাইতটোক ৰঙিয়া আৰক্ষীক গতাই দিয়ে ৷

ঘটনা সন্দৰ্ভত শুৱালকুচিৰ নিবাসী তথা ৰঙিয়া থানাৰ অধীনৰ গৃহৰক্ষী বাহিনীৰ জোৱান চানোৱাৰ হুছেইনে ৰঙিয়া থানাত ডকাইতটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়েও বিষয়টো সন্দৰ্ভত গোচৰ ৰুজু কৰি ডকাইতটোক জেৰা চলাই আছে ৷

লগতে পঢ়ক : Tragic Incident in Helem: ডফলাগড় চাহ বাগিছাত অঘটন; মেচিনৰ পাংখাত সোমাই শ্ৰমিকৰ কৰুণ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.