General Election 2024: কেন্দ্ৰত পুনৰ শাসনলৈ আহিব বিজেপি; দাবী সৰ্বানন্দ সোণোৱালৰ

By

Published : Jul 16, 2023, 6:47 PM IST

thumbnail

ডিব্ৰুগড়,16 জুলাই: 9 মাহতকৈ কম দিন আছে আগন্তুক লোকসভা নিৰ্বাচনলৈ ৷ নিবাৰ্চনৰ প্ৰাকক্ষণত দলীয় ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে শাসকীয় দল বিজেপিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। মহাজনসম্পৰ্ক অভিযানৰ সমান্তৰালভাৱে টিফিন বৈঠক অনুষ্ঠিত কৰিছে শাসক দলৰ নেতা-কৰ্মীসকলে । দেওবাৰে ডিব্ৰুগড়ৰ টেঙাখাতত BJPৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ স্বৰূপে জ্যেষ্ঠ কাৰ্যকর্তা সন্মিলন আৰু টিফিন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত দলৰ পুৰণি জ্যেষ্ঠ কৰ্মী, কাৰ্যকর্তাসকলৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

টিফিন বৈঠকৰ পাচত নিৰ্বাচনৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় ‘‘ তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব বিজেপি ৷ বৰ্তামান প্ৰধানমন্ত্ৰী মোদীৰ নেৰ্তৃত্বত দেশৰ সাধাৰণ ৰাইজে শান্তি, নিৰাপত্তা আৰু প্ৰগতি লাভ কৰিছে ৷ সেয়ে ৰাইজৰ আশীৰ্বাদত তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী যে নৰেন্দ্ৰ মোদীয়ে  হ'ব সেয়া নিশ্চত ৷’’  

লগতে পঢ়ক:Sarbananda Sonowal inspects flood erosion:বান-গৰাখহনীয়া পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.