HSLC result 2023: ভবিষ্যতে চিকিৎসক হোৱাৰ মন ষষ্ঠ স্থানপ্ৰাপ্ত ছন্দিতা দাসৰ

By

Published : May 25, 2023, 6:17 AM IST

Updated : May 25, 2023, 6:30 AM IST

thumbnail

বাইহাটা,২৫ মে': সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে আনন্দৰ জোৱাৰ আনিলে কামৰূপৰ বোৰ্কাস্থিত শংকৰদেব শিশু নিকেতনলৈ । বিদ্য়ালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে ছন্দিতা দাস নামৰ ছাত্ৰীগৰাকীয়ে (Sandita Das got 6th position in HSLC 2023) । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ষষ্ঠ স্থান লাভ কৰাত আনন্দৰ জোৱাৰ উঠিছে অঞ্চলজুৰি ।  

ছন্দিতা বৰগাঁৱৰ নিবাসী উমেশ দাস আৰু দীপালতা দাসৰ কন্যা (HSLC exam results 2023) । ভবিষ্যতে চিকিৎসক হোৱাৰ মন ছন্দিতাৰ । দৈনিক বাৰঘণ্টাকৈ অধ্যয়ন কৰিছিল ছন্দিতা দাসে (Assam HSLC result 2023) । ইংৰাজীত ৯৮ নম্বৰ, অসমীয়াত ৯৮, সাধাৰণ বিজ্ঞানত ৯৬, সমাজ বিজ্ঞানত ৯৭,উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰা ছন্দিতাক লৈ গৌৰৱান্বিত পিতৃ মাতৃ । গৌৰৱান্বিত ছন্দিতাই শিক্ষাগ্ৰহণ কৰা শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন বোৰ্কা । 

লগতে পঢ়ক: Tragic Road Accident : কন্যাৰ ফলাফলৰ বাবে মিঠাই আনিবলৈ গৈ ডাম্পাৰৰ খুন্দাত মৃত্যু পিতৃৰ

Last Updated : May 25, 2023, 6:30 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.