A nature lover from Jorhat: যোৰহাটৰ প্ৰকৃতিপ্ৰেমী যুৱক সমীৰ ৰয়ৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Apr 11, 2023, 9:42 PM IST

thumbnail

যোৰহাট, 11 এপ্ৰিল : যোৰহাটৰ প্ৰকৃতিপ্ৰেমী যুৱক সমীৰ ৰয়ে লৈছ এক প্ৰশংসনীয় পদক্ষেপ ৷ গোলাঘাটৰ কেইবাজনো ব্যক্তিৰ ঘৰত অৰ্কিড ৰোপন কৰে তেওঁ ৷ নিৰবিচ্ছিনভাৱে প্ৰকৃতি সংৰক্ষণ আৰু সংৱধৰ্নৰ লগতে অসমীয়া ছবিৰ উত্তৰণ বাবে কাম কৰি অহা সমীৰ জুবিন গাৰ্গৰ অন্যতম অনুৰাগী । ২০২০ বৰ্ষৰ পৰাই অসমৰ বিভিন্ন ঠাইত অৰ্কিড ৰোপণ কৰাৰ সমান্তৰালকৈ অসমীয়া ছবিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে প্ৰকৃতিপ্ৰেমী যুৱক সমীৰ ৰয়ে (Samir Roy nature lover from Jorhat) ।

যোৰহাটৰ সু-সন্তান সমীৰ ৰয়ে আজি গোলাঘাটৰ প্ৰকৃতিবিদ পদ্মশ্ৰী প্ৰাপক ড৹ ৰবিন বেনাৰ্জী, নেচাৰেল হিষ্ট্ৰি মিউজীয়াম আৰু বিশিষ্ট বোলছবি পৰিচালক, লেখক, সমালোচক দীনেশ গগৈৰ বাসগৃহত প্ৰায় দহটা প্ৰজাতিৰ মুঠ ২০ জোপা অৰ্কিড ৰোপণ কৰে ৷ সমীৰ ৰয়ে এই অৰ্কিড সমূহ একক ভাৱে কেইবাগৰাকী বিশিষ্ট বক্তি আৰু অসম গৌৰৱৰ সন্মানাৰ্থে ৰোপণ কৰে । তেওঁলোক ক্ৰমে ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা, গীতিকাৰ সাহিত্যিক কৈলাশ নাথ শৰ্মা, হাৰ্ট থ্ৰব জুবিন গাৰ্গ, প্ৰকৃতিবিদ পদ্মশ্ৰী ডক্টৰ ৰবিন বেনাৰ্জী, সৃষ্টিমূলক ও আদৰ্শ মহিলা ৰিনিকি ভুঞা শৰ্মা, প্ৰকৃতি প্ৰেমী অপূৰ্ব বল্লভ গোস্বামী, চিত্ৰ পৰিচালক দীনেশ গগৈ, সাহিত্য অকাডেমি বঁটা প্ৰাপক অৰূপা পতংগীয়া, মৃদুলা বৰুৱাকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি ৷

সমীৰ ৰয়ৰ এই প্ৰশংসনীয় পদক্ষেপক জুবিন গাৰ্গৰ লগতে বিভিন্ন জনে উৎসাহ প্ৰদান কৰি আহিছে । অন্যহাতে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হৈ থকা বিহু আৰু ঢোলবাদন কৰ্মশালাত সমীৰ ৰয়ে সম্পন্ন কৰে অসমীয়া বোলছবিৰ সৃষ্টিমূলক প্ৰচাৰ আৰু ‘‘ৰিজাৰ্ভ বাছ-অসমীয়া বোলছবি চাবলৈ যাওঁ আহক’’ কাৰ্যসূচী ৷ তাৎপৰ্যপূৰ্ণ যে যোৰহাটৰ প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে নিৰবিচ্ছিন ভাৱে প্ৰকৃতি সংৰক্ষণ আৰু অসমীয়া ছবি উত্তৰণ আৰু বিকাশৰ হকে কাম কৰি আহিছে । সমীৰৰ এই প্ৰশংসনীয় কাৰ্যত জুবিন গাৰ্গে প্ৰত্যক মুহূৰ্ততে সহায় সহযোগিতা আগবঢ়াই আহিছে ।

লগতে পঢ়ক : Food poisoning in Golaghat : বিষাক্ত কাঠফুলাই গোলাঘাটত পুনৰ প্ৰাণ কাঢ়িলে এজনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.