ETV Bharat / state

Food poisoning in Golaghat : বিষাক্ত কাঠফুলাই গোলাঘাটত পুনৰ প্ৰাণ কাঢ়িলে এজনৰ

author img

By

Published : Apr 11, 2023, 2:00 PM IST

Dead after consuming poisonous mushrooms
বিষাক্ত কাঠফুলা খাই মৃত্যু এজনৰ

ৰাজ্যত আকৌ বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু ৷ এইবাৰ ঘটনাৰ স্থান গোলাঘাট (Dead after consuming poisonous mushrooms)। নিহত ব্যক্তিগৰাকীৰ নাম বিক্ৰম কুমাৰ (70)।

গোলাঘাট, 11 এপ্ৰিল : গোলাঘাট জিলাৰ মেৰাপানীৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ জিলাখনৰ খুমটাইত সংঘটিত হ’ল অনুৰূপ ঘটনা ৷ পুনৰ বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ চাৰিজন লোক অসুস্থ হোৱাৰ বিপৰীতে এজনৰ মৃত্যু ঘটে । গোলাঘাট জিলাৰ খুমটাই চাহ বাগিচাত সজাগতাৰ অভাৱৰ বাবে পুনৰ সংঘটিত হ'ল এনে ঘটনা ঘটাৰ অভিযোগ (Sick after consuming poisonous mushrooms) ।

বনৰীয়া কাঠফুলা খাই মৃত্যু হোৱা ব্যক্তি গৰাকীৰ নাম বিক্ৰম কুমাৰ (70)। একেটা পৰিয়ালৰে আন তিনিগৰাকী লোক আক্ৰান্ত হৈছিল কাঠফুলাৰ বিষক্ৰিয়াত । কাঠফুলা খোৱাৰ কথা স্বীকাৰ নকৰাৰ বাবেই পৰ্যাপ্ত চিকিৎসাৰ অভাৱত বৃদ্ধগৰাকীৰ মৃত্যু ঘটে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।ঘটনাটো সংঘটিত হোৱাৰ পিচতে তাৎক্ষণিকভাৱে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে খুমটাই চাহ বাগিচা কৰ্তৃপক্ষই ।

ঘটনা অনুসৰি বিগত ৩ এপ্ৰিল তাৰিখে খুমটাইৰ একে পৰিয়ালৰ চাৰি ব্যক্তি ক্ৰমে ভাইটি কুমাৰ, মনেশ্বৰী কুমাৰ, টিংকু কুমাৰ আৰু বিক্ৰম কুমাৰে খাইছিল বনৰীয়া কাঠফুলা । কাঠফুলা খাই তাৎক্ষণিকভাৱে বিষক্ৰিয়াত আক্ৰান্ত হৈছিল চাৰিওজন লোক (Family suffers after eating poisonous mushrooms at Khumtai) ।

আক্ৰান্ত চাৰিওজনকে ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসা লাভৰ অন্তত ভাইটি কুমাৰ, মনেশ্বৰী কুমাৰ আৰু টিংকু কুমাৰ পৰৱৰ্তী দিনাই সুস্থ হৈ উঠিছিল যদিও বৃদ্ধ বিক্ৰম কুমাৰৰ অৱস্থা অতি সংকটজনক হৈ পৰে । সংকটজনক অৱস্থাত বিক্ৰম কুমাৰক ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত । সেই সময় পৰ্যন্ত চিকিৎসকক বিষক্ৰিয়াৰ প্ৰকৃত কাৰণ নজনোৱাৰ ফলত কালি অৰ্থাৎ সোমবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় বৃদ্ধ বিক্ৰম কুমাৰ (Jorhat Medical College and Hospital) ।

সমগ্ৰ ঘটনাক লৈ চিন্তিত হৈ পৰিছে খুমটাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষ । আজি পুৱাৰে পৰা খুমটাইৰ বিস্তীৰ্ণ এলেকাজুৰি ঠায়ে ঠায়ে পোষ্টাৰ আৰি সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্ঠা কৰিছে খুমটাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক : Crime against women : বিগত প্ৰায় 8 বছৰত ৰাজ্যত ঘটিছে 1 লাখৰো অধিক নাৰীজনিত অপৰাধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.