Safai karamchari on hunger strike:চচলত দশম দিনাও চাফাই কৰ্মীৰ আমৰণ অনশন কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 10:58 PM IST

thumbnail

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : ক’ভিডকালীন দুৰ্যোগৰ সময়ত নিয়োজিত ক’ভিড চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নিজৰ প্ৰতিশ্ৰুতি আৰু ঘোষণাৰ কথা মনত পেলাই দি মহানগৰীৰ চচলত দশম দিনাও অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদী চাফাই কৰ্মীসকলে মহাত্মা গান্ধী, কনকলতা, শ্ৰীমন্ত শংকৰদেৱৰ ছবি সন্মুখত ৰাখি চৰকাৰৰ সুমতি বিচাৰি গীতা-ভাগৱত পাঠ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

অসমৰ 1324 গৰাকী Covid Warrior ৰ চাকৰিসমূহ 100% নিয়মীয়াকৰণৰ লগতে পুনৰ সংস্থাপনৰ বাবে প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় । চাফাই কৰ্মীৰ এই প্ৰতিবাদী কাৰ্যসূচীত মানৱ অধিকাৰৰ সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, ক’ৰণাকালীন সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ কৰি অসমৰ বিভিন্ন স্থানত থকা Covid Hospital, Covid Cleaning Center, Covid Care Center, Covid Quarantine Center আদি চাফ চিকুণ কৈ ৰখাৰ বাবে চৰকাৰে নিয়োজিত কৰিছিল ১,৩২৪ গৰাকী চাফাই কৰ্মীক । কিন্তু ক’ভিড পৰিস্থিতি শাম কটাৰ পিচত কোনো আগতীয়া জাননী নিদিয়াকৈ এই চাফাই কৰ্মীসকলক হঠাৎ কামৰ পৰা অব্যাহতি দিয়ে । চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতিবাদ জনাই চাফাই কৰ্মীসকলে তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ দাবী তুলি অব্যাহত ৰাখে প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়ক : Safai karamchari on hunger strike:চচলত চতুৰ্থ দিনাও পি পি কিট পিন্ধি চাফাই কৰ্মীৰ আমৰণ অনশন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.