Durga Puja 2023: বিজয়া দশমীত আৰক্ষী জোৱানক মিঠাইৰ টোপোলা বিলালে বিধায়কে

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:00 PM IST

thumbnail

নগাঁও,২৪ অক্টোবৰ: দুৰ্গোৎসৱৰ আনন্দ উল্লাহত সকলো মত্ত । নিজ নিজ পৰিয়ালক লগত লৈ সকলোৱে উদযাপন কৰিছে শাৰদীয় দুৰ্গা পূজা । কিন্তু ইয়াৰ মাজতে দিন-ৰাতি একাকাৰ কৰি সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ খাতিৰত নিজৰ কৰ্তব্যত ব্যস্ত খাকী পোছাকধাৰী আৰক্ষী । নিজ পৰিয়ালৰ পৰা আঁতৰত থাকি নিজ কৰ্তব্য সম্পাদন কৰি গৈছে আৰক্ষীৰ লোক ।  

এইসকল আৰক্ষীক কিছু উৎসাহ যোগোৱাৰ বাবে নগাঁৱত আগবাঢ়ি আহে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । নগাঁও চহৰত কৰ্তব্যৰত আৰক্ষী জোৱানসকলক বিজয়া দশমীত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এটা মিঠাইৰ টোপোলা প্ৰদান কৰিছে বিধায়ক ৰূপক শৰ্মাই । বিধায়ক ৰূপক শৰ্মাই গ্ৰহণ কৰা এনে পদক্ষেপক শলাগ লৈছে কৰ্তব্যৰত আৰক্ষী জোৱানসকলে । 

লগতে পঢ়ক : Puja at Police Reserve Guwahati : মঞ্চত দুই কণমানিক উৎসাহিত কৰিলে সপত্নীক আৰক্ষী সঞ্চালক প্ৰধানে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.