ETV Bharat / state

Puja at Police Reserve Guwahati : মঞ্চত দুই কণমানিক উৎসাহিত কৰিলে সপত্নীক আৰক্ষী সঞ্চালক প্ৰধানে

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 3:38 PM IST

দুই কণমানি ভাতৃৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধানে কটোৱা এক মধুৰ সময়ৰ ভিডিঅ’ই মুগ্ধ কৰিছে সকলোকে ৷ দুৰ্গা পূজাৰ মহানৱমীৰ সন্ধিয়া গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভত আয়োজিত অনুষ্ঠানৰ বিশেষ দৃশ্যটো আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগেও শ্বেয়াৰ কৰিছে ৷

Puja at Police Reserve Guwahati
দুই কণমানিক উৎসাহিত কৰিলে সপত্নীক আৰক্ষী সঞ্চালক প্ৰধানে

দুই কণমানিক উৎসাহিত কৰিলে সপত্নীক আৰক্ষী সঞ্চালক প্ৰধানে

গুৱাহাটী, ২৪ অক্টোবৰ : সামাজিক মাধ্যমত প্ৰায়ে নেতিবাচক বিষয়বোৰ বিশেষভাৱে চৰ্চিত হয় যদিও বহুসময়ত ইতিবাচক বিষয়বোৰেও প্ৰাধান্য লাভ কৰে । তেনে এক ইতিবাচক বিষয়ে বিশেষভাৱে চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত । গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভত শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ এক বিশেষ ভিডিঅ'ই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

উল্লেখ্য যে নৱমীৰ নিশা মহানগৰ আৰক্ষী নিৱেশত দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । য'ত গীত পৰিৱেশন কৰিছিল কণমানি দুই ভাতৃয়ে ৷ উপস্থিত আছিল সপত্নীক আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু আৰক্ষীৰ ভালেসংখ্যক বিষয়া । অনুষ্ঠানত মহানগৰ আৰক্ষীৰ কনিষ্টবলৰ দুই কণমানি পুত্ৰৰ গীত শুনি মুগ্ধ হৈ পৰিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু তেঁওৰ সহধৰ্মিনী ।

অনুষ্ঠানত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিছিল কনিষ্টবল তাৰিক হুছেইনৰ দুই কণমানি পুত্ৰ স্পিঞ্জাৰ আৰু চাইমে । কণমানি দুই ভাতৃৰ গীত শুনি মঞ্চলৈ উঠি গ'ল জি পি সিং আৰু তেওঁৰ পত্নীৰ লগতে আৰক্ষী আয়ুক্ত দিগন্ত বৰা । জি পি সিং আৰু তেওঁৰ পত্নীয়ে দুই কণমানিক আশীৰ্বাদ দিয়াৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰে ।

লগতে আৰক্ষী আয়ুক্ত দিগন্ত বৰায়ো ভাতৃদ্বয়ক পুৰস্কৃত কৰে । আশীৰ্বাদ আৰু পুৰস্কাৰ গ্ৰহণ কৰাৰ পাছত পুনৰ দুই ভাতৃয়ে 'অ' মোৰ ধৰিত্ৰী আই .. ' শীৰ্ষক গীতটি পৰিৱেশন কৰে । সামাজিক মাধ্যমত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই সন্দৰ্ভত কয় -‘‘আমাৰ পৰিয়ালৰ যুৱ প্ৰতিভাৱান ভাতৃ যুটিৰ সৈতে নৱমীত সময় কটালোঁ । ভগৱানে তেওঁলোকক আশীৰ্বাদ কৰক ।’’ স্বাভাৱিকতে আৰক্ষী সঞ্চালক প্ৰধানৰ এনে কাৰ্য প্ৰশংসনীয় ।

লগতে পঢ়ক: Fake journalist in Lakhimpur: আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা ফেচবুক সাংবাদিকক খেদি-খেদি ধৰিলে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.