Fake journalist in Lakhimpur: আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা ফেচবুক সাংবাদিকক খেদি-খেদি ধৰিলে আৰক্ষীয়ে

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:51 PM IST

thumbnail

বিহপুৰীয়া, 24 অক্টোবৰ : লখিমপুৰ জিলাৰ লালুক আৰক্ষীৰ জালত পৰিল আব্দুল কালাম নামৰ এটা স্বয়ম্ভু সাংবাদিক । SP, DSP আৰু আৰক্ষীৰ নাম লৈ বহুদিনৰ পৰা দালালিত নামিছিল ধৃত আব্দুল । এটা ফেচবুক পেজ খুলি লৈ নিজকে সাংবাদিক বুলি পৰিচয় দি দীৰ্ঘদিনে চলাই আহিছিল সন্ত্ৰাস । সম্প্ৰতি ধৰ্ষণৰ গোচৰ এটাত আৰক্ষীৰ নামত ধন লৈ অপৰাধীৰ লগত কৰিছিল মীমাংসা ।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই বিষয়টো সন্দৰ্ভত অৱগত হোৱাৰ পাচত কেবাদিনো ধৰি আব্দুল কালামক বিচাৰি চলাইছিল অভিযান । সোমবাৰে নিশা গোপনে ৰে’লযোগে পলায়নৰ চেষ্টা কৰোতেই হাৰমতি ৰে’লৱে ষ্টেচনত খেদি-খেদি আব্দুলক ধৰিলে আৰক্ষীয়ে ।

ধৃত আব্দুল কালামসহ আন এটা দালাল আতিকুল ইছলামকো আটক কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে এখন বাহন । পূৰ্বেও আৰক্ষীৰ নামত ধন লৈ জেললৈ গৈছিল আব্দুল কালাম । সেইবাৰো অপৰাধীৰ পৰা ধন আনিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছিল আব্দুল । ৰাইজে কৰায়ত্ত কৰি চমজাইছিল আৰক্ষীক । ইয়াৰ পিচতো সংশোধন নহ’ল আব্দুলৰ ।

লগতে পঢ়ক : Fake journalist arrested: ধনদাবী কৰি কলগাছিয়াত আটক তিনি ভুৱা সাংবাদিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.