ETV Bharat / state

Fake journalist arrested: ধনদাবী কৰি কলগাছিয়াত আটক তিনি ভুৱা সাংবাদিক

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 9:29 PM IST

কলগাছিয়াৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াৰ অফিচলৈ গৈ আৰক্ষীৰ ওচৰত ধৰা পৰিল তিনি অভিযুক্ত ৷ চক্ৰ বিষয়াক কৰিছিল ধনদাবী ।

fake journalist
আটক ভুৱা সাংবাদিক হিচাপে অভিযুক্ত তিনিজন

আটক ভুৱা সাংবাদিক হিচাপে অভিযুক্ত তিনিজন

কলগাছিয়া, 25 আগষ্ট : কলগাছিয়াত তিনিজনকৈ ভুৱা সাংবাদিক আটক । কলগাছিয়াৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াৰ ওচৰত কৰিছিল ধনদাবী । তিনিওজনকে আটক কৰি গতাই দিলে আৰক্ষীক ।

কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত আজি তিনি ভুৱা সাংবাদিকে চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াৰ পৰা ধন দাবী কৰিবলৈ আহি আটক হয় । ভুৱা সাংবাদিক তিনিগৰাকী গুৱাহাটী চহৰৰ পৰা আহিছে বুলি জানিব পৰা গৈছে । ভুৱা সাংবাদিক হিচাপে অভিযুক্ত তিনিজন হ’ল ক্ৰমে- নৱ কুমাৰ দাস, দিলীপ তালুকদাৰ আৰু লক্ষ্মণ হুছেইন । লক্ষ্মণ হুছেইন বোলাজনে আকৌ সাংবাদিকৰ আগত নামটো এবাৰ ক’লে লক্ষ্মণ হুছেইন এবাৰ ক’লে লোকমান হুছেইন ৷

আছাম ষ্টেট জাৰ্ণালিষ্ট ইউনিয়নৰ সদস্য বুলি পৰিচয় দিছিল ভুৱা সাংবাদিক হিচাপে অভিযুক্ত তিনিজন লোকে । উল্লেখ্য যে, এই তিনিওজন লোকে কিছুদিন ধৰি কলগাছিয়াৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াৰ পৰা ইউনিয়নৰ মিটিং আছে বুলি কৈ ফোনযোগে ধন দাবী কৰি আহিছিল । আজি ধন নিবলৈ তিনিও চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ।

তিনিওজন লোকৰ ওপৰত সন্দেহ ওপজাত চক্ৰ বিষয়াই সাংবাদিকতাৰ প্ৰমান পত্ৰ বিচাৰে যদিও কোনেও প্ৰমাণ দিব নোৱাৰে । এবাৰ অগ্ৰদূত কাকত আৰু আকৌ এবাৰ আমাৰ অসম কাকতত কাম কৰে বুলি কৈছিল যদিও কোনো প্ৰমাণ তেওঁলোকে দেখুৱাব নোৱাৰিলে । শেষত ভুৱা সাংবাদিক হিচাপে অভিযুক্ত তিনিজনক আটক কৰি কলগাছিয়া আৰক্ষী থানাত গতাই দিয়ে ।

স্মৰ্তব্য যে, ভুৱা সাংবাদিক হিচাপে অভিযুক্ত তিনিজনে ইয়াৰ পূৰ্বেও বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়তো চান্দা বিচাৰি গৈছিল বুলি জানিব পৰা গৈছে । এইদৰে অসমৰ বিভিন্ন ঠাইত ধন দাবীৰে চান্দা সংগ্ৰহ কৰি আহিছে বুলি সন্দেহ কৰিছে চক্ৰ বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : Assam Police: আৰক্ষীৰ গাফিলতিৰ বাবেই সাৰি যাবলৈ সক্ষম হৈছে হাইপ্ৰফাইল গোচৰৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.