World Diabetes Day: ডায়েবেটিছ দিৱস উপলক্ষে কলগাছিয়াত দৌৰ প্ৰতিযোগিতা

By

Published : Nov 14, 2022, 10:11 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

আজি বিশ্ব ডায়েবেটিছ দিৱস (World Diabetes Day)। প্ৰতি বছৰে ১৪ নৱেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব ডায়েবেটিছ দিৱস । এই বিশ্ব ডায়েবেটিছ দিৱসৰ লগত সংগতি ৰাখি আজি কলগাছিয়াৰ ৰাহত পলিক্লিনিক এণ্ড ডায়েবেটিচ কেয়াৰ চেণ্টাৰৰ উদ্যোগত আৰু বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াৰ সহযোগত দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় (Run Kalgachia) । ডায়েবেটিচ ৰোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত দৌৰ প্ৰতিযোগিতাত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে (Running competition held at Kalgachia)। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ নাজিৰুল ইছলাম, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মুজাম্মেল হুছেইন আৰু ৰাহত পলিক্লিনিক স্বত্বাধিকাৰী ডাঃ নজৰুল ইছলাম ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.