ধেমাজিত চুঙা চাউলৰ সোৱাদ ল’লে মোহন ভাগৱতে

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 11:01 PM IST

thumbnail

ধেমাজি, 29 ডিচেম্বৰ: মাজুলীত তিনিদিনকৈ বাহৰ পতাৰ পাছত শুক্ৰবাৰে নিশা ধেমাজিত উপস্থিত হয় মোহন ভাগৱত ৷ ধেমাজিত উপস্থিত হৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধানগৰাকীয়ে জিলাখনৰ জ্যেষ্ঠ RSS কৰ্মী ডিম্বেশ্বৰ বুঢ়াগোঁহাইৰ বাসগৃহত নৈশ আহাৰ গ্ৰহণ কৰে ৷

সংঘৰ জ্যেষ্ঠ কৰ্মী ডিম্বেশ্বৰ বুঢ়াগোঁহাইৰ পৰিয়ালটোৱে বৰা চাউলেৰে প্ৰস্তুত কৰা চুঙা চাউল, দৈ গাখীৰৰ উপৰিও ভাত আৰু আঞ্জাৰে আপ্যায়ন কৰে RSS ৰ প্ৰধানগৰাকীক ৷  মোহন ভাগৱতৰ লগতে সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি চাৰি-পাঁচগৰাকী লোক উপস্থিত থাকে ৷

উল্লেখ্য যে, বুধবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হৈছিল মোহন ভাগৱত ৷ সত্ৰপীঠখনত উপস্থিত হৈ আৰ এছ এছ প্ৰধানগৰাকীয়ে সত্ৰাধিকাৰসকলৰ লগতে উত্তৰ-পূবৰ বহুকেইগৰাকী ধৰ্মগুৰুৰ লগত মিলিত হয় ৷ বিশেষকৈ মাজুলীত ধৰ্মান্তৰিত হোৱা লোকসকলৰ প্ৰসংগত ধৰ্মগুৰুসকলৰ লগত আলোচনা কৰে মোহন ভাগৱতে ৷

লগতে পঢ়ক: মাজুলীত ধৰ্মান্তৰকৰণ, সত্ৰাধিকাৰৰ লগত কি আলোচনা মোহন ভাগৱতৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.